Wild elephants life Save update : হস্তীকুলৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে বিপিন চন্দ্ৰ শইকীয়াই ?

By

Published : Aug 22, 2023, 3:18 PM IST

thumbnail

হোজাই, 22 আগষ্ট : হোজাইত বনকৰ্মীৰ বাবে প্ৰাণ ৰক্ষা পৰিল শতাধিক বন্যহস্তীৰ এটা জাকৰ ৷ আজি অৰ্থাৎ মঙলবাৰে পুৱা লংকাৰ হাৱাইপুৰ ৰে’ল ষ্টেচনৰ সমীপতে পশ্চিম কাৰ্বি আংলঙৰ পৰা লামডিং বনাঞ্চলৰ দিশে ৰে’ল লাইন পাৰ হৈছিল এটি বৃহৎ হাতীৰ জাকে ৷ তেনে সময়তে উক্ত ৰে’ল পথটোৰে আহিছিল নামনিমুৱা আগৰতলা এক্সপ্ৰেছখন ৷

সন্মুখত বিপদ ঘন্টা বজা দেখি বনকৰ্মীৰ এটা পাঁচজনীয়া দলে চিগনেল দি ৰখাই দিয়ে ৰে’লখন ৷ ফলত বন্যহস্তীৰ জাকটোৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে ৰে’লখনো দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে ৷ জানিব পৰা মতে, উক্ত ঠাইত বনকৰ্মী পদ্মধৰ বড়োৰ নেতৃত্বত আছিল পাঁচজনীয়া বনকৰ্মীৰ এটা দল ৷

সোমবাৰে নিশা 7 বজাৰ পৰা আজি পুৱা ৬ বজালৈকে কৰ্তব্যত নিয়োজিত আছিল এই বনকৰ্মীৰ দলটো ৷ বনকৰ্মীৰ দলটোত থকা লোককেইজন ক্ৰমে মণিকান্ত নাথ, বিপিন চন্দ্ৰ শইকীয়া, পদ্মধৰ বড়ো, ৰমেশ চৌহান আৰু গংগা সাগৰ চৌহান ।

উল্লেখ যে, হাৱাইপুৰ আৰু লামচাখাঙৰ মাজত এই ঠাইডোখৰক হস্তী কৰিড’ৰ হিচাবে সংৰক্ষিত ৷ তথাপিও উক্ত ঠাইতেই বিগত দিনত ৰে’লৰ খুন্দাত নিহত হৈছিল কেইবাটাও বনৰীয়া হাতীৰ ৷

লগতে পঢ়ক : Wild elephants life Save: বনকৰ্মীৰ বিচক্ষণতাই ৰক্ষা কৰিলে হস্তী পৰিবাৰৰ জীৱন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.