Hemamalini in Nalbari: ড্ৰীমগাৰ্লৰ মুখত অসমৰ মহাপুৰুষৰ নাম, ধন্য হ’ল শংকৰদেৱ !

By

Published : Nov 15, 2022, 2:02 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

নলবাৰীৰ ঐতিহ্যপূৰ্ণ ৰাস মহোৎসৱলৈ আহিল হেমামালিনী (Hemamalini in Nalbari) ৷ মনোমোহা অভিনেত্ৰীগৰাকী শাসকীয় বিজেপি দলৰ মথুৰাৰ সাংসদো ৷ হেমামালিনীৰ দ্বাৰাই নলবাৰীৰ ৰাসক বিশ্ব দৰবাৰলৈ লৈ যোৱা হ’ব বুলি আশা আৰু দাবী কৰিছিল আয়োজকসকলে ৷ ড্ৰীমগাৰ্লক লৈ উছাহৰ অন্ত নাছিল নলবাৰীবাসীৰ (Nalbari Raas Mahotsav)৷ ৰাস মহোৎসৱত লোকে লিখি দিয়া ভাষণ পাঠ কৰিলে ড্ৰীমগাৰ্ল হেমামালিনীয়ে ৷ অসমৰ ধৰ্মীয় পৰম্পৰা তথা সংস্কৃতিৰ বিষয়ে তত্বগধুৰ ভাষণ দিব হেমামালিনীয়ে ৷ এই ভাষণত মহাপুৰুষ শংকৰদেৱৰ বিষয়ে উল্লেখ নাথাকিলে হ’বনে ? গতিকে ৰাস মহোৎসৱৰ অগণন দৰ্শকৰ সন্মুখত মহাপুৰুষজনাৰ নাম উল্লেখ কৰিলে বলীউডৰ অভিনেত্ৰীগৰকীয়ে ৷ কি বুলি উল্লেখ কৰিলে সেয়া পিছৰ কথা (Hemamalini says Shanskardev) ৷ অসমীয়া জাতি বাদেই, বলীউডৰ অভিনেত্ৰীগৰাকীৰ অসম প্ৰেম আৰু শংকৰদেৱৰ প্ৰতি ভক্তি দেখি মহাপুৰুষজনাৰ স্বৰ্গীয় আত্মাও যেন ধন্য হ’ল !

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.