Complaint against jakhalabandha police: জখলাবন্ধা আৰক্ষী নিৱেশত নিশা উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 4:34 PM IST

thumbnail

কলিয়াবৰ,৬ ছেপ্টেম্বৰ: কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশত নিশা উত্তপ্ত পৰিস্থিতি । এক বিশেষ ঘটনাৰ বুজ ল'বলৈ যোৱা একাংশ যুৱকৰ দলক অভদ্ৰ আচৰণৰ পৰা সূত্ৰপাত হয় এই উত্তেজনাময় পৰিস্থিতিৰ । এহাল যুৱক-যুৱতীৰ এক ঘটনাক কেন্দ্ৰ কৰি পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ । যুৱতীগৰাকীৰ পক্ষ লৈ যুৱকক ২৪ ঘণ্টাৰো অধিক সময় আটক কৰি থোৱাৰ কাৰণ জানিবলৈ অহা এজন যুৱকক আৰক্ষী বিষয়াৰ অভব‍্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হয় ।  

সংবাদকৰ্মীকো অসৌজন‍্যমূলক আচৰণ কৰাৰ অভিযোগ আৰক্ষী বিষয়া জাকাৰীয়া চৌধুৰীৰ বিৰুদ্ধে । মঙলবাৰে নিশা জখলাবন্ধা আৰক্ষী নিৱেশত উপস্থিত হোৱা সমবেত দুই শতাধিক লোকক আৰক্ষীৰ দুৰ্ব‍্যৱহাৰৰ পিছতেই পৰিৱেশ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষীয় বিষয়াৰ অনুপস্থিতিত কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰক্ষী পৰিদৰ্শক সঞ্জীত কুমাৰ ৰয় উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি । 

লগতে পঢ়ক: Load shedding at Barhampur: কাৰেন্ট নায়ায়; আহে হে ! জেনেৰেটৰ ভাড়া কৰি নামঘৰত আশ্ৰয় ৰাইজৰ

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.