Anti Corruption unit raid: এইবাৰ হাত দাঙিলে হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই

By

Published : Aug 17, 2023, 5:39 PM IST

thumbnail

হাফলং, 17 আগষ্ট: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত বৃহস্পতিবাৰে হাতে-লোটে ধৰা পৰে হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড) ডিভিচনৰ কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়া । দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলে হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত এক অভিযান চলাই হাতে লোটে আটক কৰে বিষয়াগৰাকীক । সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলে ঘটনাস্থলীতে তেওঁৰ জেৰা অব্যাহত ৰাখিছে ৷

গুৱাহাটীৰ পৰা অহা দুৰ্নীতিৰ নিবাৰক শাখাৰ বিষয়া হাফলং থানাৰ আৰক্ষীৰ সহযোগত হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক ঘোচ লোৱাৰ সময়ত হাতে লোটে গ্ৰেপ্তাৰ কৰে । এগৰাকী ঠিকাদাৰৰ পৰা পুৱা বিল দিয়াৰ নামত উৎকোচ লৈছিল হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড) ডিভিচনৰ কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়াই ।

ডিমা হাছাও জিলাত এইবাৰ প্ৰথমবাৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীক । আজি তেওঁক আটক কৰি বিয়লিভাগত গুৱাহাটীলৈ লৈ অনাৰ কথা জানিব পৰা হৈছে ৷

লগতে পঢ়ক: Anti Corruption unit raid: 20 হাজাৰ টকাৰ উৎকোচ লৈ হাত দাঙিলে কণিষ্ঠ সহায়ক নৱজ্যোতি ভূঞাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.