ETV Bharat / state

Anti Corruption unit raid: 20 হাজাৰ টকাৰ উৎকোচ লৈ হাত দাঙিলে কণিষ্ঠ সহায়ক নৱজ্যোতি ভূঞাই

author img

By

Published : Jul 24, 2023, 8:53 PM IST

দৰমহাৰ টকাৰে পেট নভৰা দুৰ্নীতিগ্ৰস্ত বিষয়া ৷ 20 হাজাৰ টকাৰ ঘোচ লৈ থকাৰ সময়তে নগাঁৱত পুনৰ হাত দাঙিলে কণিষ্ঠ সহায়ক নৱজ্যোতি ভূঞাই ৷

junior assistant Navajyoti Bhuyan arrested
উৎকোচ লৈ হাত দাঙিলে কণিষ্ঠ সহায়ক নৱজ্যোতি ভূঞাই

উৎকোচ লৈ হাত দাঙিলে কণিষ্ঠ সহায়ক নৱজ্যোতি ভূঞাই

নগাঁও, 24 জুলাই : অসমীয়া এষাৰ কথা আছে নাও বুৰিলেও টিঙৰ পৰা নানামে... এই কথাকে পুনৰ প্ৰমাণ কৰি নগাঁৱত পুনৰ হাত দাঙিলে এজন চৰকাৰী কৰ্মচাৰীয়ে ৷ দৰমহাৰ টকাৰে পেট নভৰা দুৰ্নীতিগ্ৰস্ত বহু বিষয়া কৰ্মচাৰীক ইতিমধ্যেই জালত পেলাবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিছে নগাঁৱৰ আন এগৰাকী কৰ্মচাৰী ৷ এইবাৰ নগাঁও যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য্যালয়ৰ এগৰাকী কণিষ্ঠ সহায়কক উৎকোচ লোৱাৰ সময়তেই হাতে লোটে আটক কৰিবলৈ সক্ষম হয় দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ৷

সোমবাৰে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক নৱজ্যোতি ভূঞাক উৎকোচ লৈ থকা অৱস্থাত প্ৰথমে আটক কৰে ৷ পৰৱৰ্তী সময়ত কণিষ্ঠ সহায়কজনক সন্ধিয়া গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ৷ নৱজ্যোতি ভূঞাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি দুৰ্নীতি তথা তেওঁৰ তলতীয়া কৰ্মচাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷

এই অভিযোগৰ ভিত্তিতে সোমবাৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই জালত পেলাই নৱজ্যোতি ভূঞাক ৷ নৱজ্যোতি ভূঞাই এজন ফিজিঅ থেৰাপিষ্টৰ পৰা কোনো কাম কৰি দিয়াৰ বিনিময়ত 20 হাজাৰ টকাৰ উৎকোচ লৈছিল ৷ সেই সময়তে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই কৰ্মচাৰী জনক হাতে লোটে আটক কৰি হাত হাত দাঙিবলৈ বাধ্য কৰায়৷ দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই কৰ্মচাৰীজনক জেৰা চলোৱাৰ অন্তত সন্ধিয়া ঘোচখোৰ কৰ্মচাৰী নৱজ্যোতি ভূঞাক লগত লৈ গুৱাহাটী অভিমুখে ৰাওনা হয় দুৰ্নীতি নিবাৰক শাখাৰ দল ৷

উল্লেখযোগ্য যে স্বাস্থ্য বিভাগৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ দিয়াৰ বিনিময়ত উৎকোচ বিচৰাৰ অভিযোগ দীৰ্ঘদিনীয়া । এনে কৰ্মচাৰীৰ বিৰুদ্ধেও অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখা কঠোৰ হোৱাটো বিচাৰিছে সচেতন মহলে ৷

লগতে পঢ়ক: Assam employment: নতুন নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অপ্ৰয়োজনীয় চৰকাৰী পদ কৰ্তনৰ জাননী ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.