Guwahati police raid SPA Salon: পতী-পত্নীয়ে মিলি স্পাত মাছাজৰ নামত চলাই আহিছিল নাৰী দেহ ব্যৱসায়

By

Published : Jun 14, 2023, 8:49 PM IST

thumbnail

গুৱাহাটী,14 জুন: মঙলবাৰে মংগল নহ’ল Lucky Hair Beauty Spa Saloonত ৷ আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নাৰী দেহ ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতে মহানগৰ আৰক্ষীয়ে অভিযান চলায় ৷  এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে অসংযত অৱস্থাত আটক কৰিছিল ৭ জনকৈ যুৱক-যুৱতীক ৷ মহানগৰীৰ নুনমাটিস্থিত "Lucky Hair Beauty Spa Saloonৰ পৰা গ্ৰেপ্তাৰ কৰা তিনি অভিযুক্ত খৰ্গেশ্বৰ ডেকা, বিজয় গিৰি আৰু বিন্দিয়া গিৰিক বুধবাৰে আদালতত হাজিৰ কৰোৱা হয় ৷ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, চেলুনখনৰ স্বত্বাধিকাৰী বিন্দিয়া গিৰিয়ে দীৰ্ঘ দিনৰে পৰা  চলাই আহিছিল নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায় ।  অভিযুক্ত বিন্দিয়া গিৰিয়ে তেওঁৰ স্বামী খৰ্গেশ্বৰ ডেকাৰ সৈতে মিলি গ্ৰাহকক সন্তুষ্ট কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰলোভনেৰে সৰবৰাহ কৰি আহিছিল সুন্দৰী যুৱতীক । আনহাতে বিজয় গিৰি আছিল চেলুনখনৰ নিয়মীয়া গ্ৰাহক । তিনিওজনকে বুধবাৰে আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিচত জেললৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.