Guwahati double murder update: নাৰেংগী আৰু চানমাৰিত দিল্লীৰ ফৰেন্সিকৰ দলৰ অভিযান

By

Published : Mar 5, 2023, 10:57 PM IST

thumbnail

গুৱাহাটী, 5 মাৰ্চ: গুৱাহাটী ডাবল মাৰ্ডাৰৰ সকলো তথ্য-প্ৰমাণ বিচাৰি দেওবাৰে নাৰেংগীৰ অমৰাৱতী আৰু চানমাৰীৰ যোগমায়া এপাৰ্টমেণ্টত কেইবাঘণ্টা ধৰি অভিযান চলালে ফৰেন্সিকৰ দলে ৷ উল্লেখ্য যে, ডাবল মাৰ্ডাৰৰ সাক্ষ্য-প্ৰমাণ বিচাৰি দেওবাৰে গুৱাহাটীত উপস্থিত হয় দিল্লীৰ অভিজ্ঞ ফৰেন্সিকৰ এটা দল (Guwahati double murder update) ৷  

ফৰেন্সিকৰ দলটোৱে অভিযান চলাই ইতিমধ্যেই বহু তথ্য-প্ৰমাণ ফৰেন্সিকৰ দলটোৱে লাভ কৰা বুলি জানিব পৰা গৈছে ৷ শনিবাৰে ডাবল মাৰ্ডাৰ ঘটনাৰ মাষ্টাৰমাইণ্ড বন্দনা কলিতাক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে জেৰা চলাইছিল ফৰেন্সিকৰ দলটোৱে ৷ ইফালে, শনিবাৰেই বন্দনাৰ দুই সহযোগী অৰূপ ডেকা আৰু ধনটি ডেকাকো প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ (Bandana Kalita Murder case) ৷  

উল্লেখ্য যে, স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক অতি নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি পেলাই দিছিল বন্দনা কলিতা আৰু দুই সহযোগীয়ে ৷ 

লগতে পঢ়ক: Guwahati double murder update: কাৰাগাৰতে পাষাণ বন্দনাক জেৰা চলাইছে কেন্দ্ৰীয় ফৰেন্সিকৰ দলে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.