ETV Bharat / state

Guwahati double murder update: কাৰাগাৰতে পাষাণ বন্দনাক জেৰা চলাইছে কেন্দ্ৰীয় ফৰেন্সিকৰ দলে

author img

By

Published : Mar 4, 2023, 10:56 PM IST

Guwahati double murder update
কাৰাগাৰতে পাষাণ বন্দনাক জেৰা চলাইছে কেন্দ্ৰীয় ফৰেন্সিকৰ দলে

কাৰাগাৰতে বন্দনা কলিতাক জেৰা কেন্দ্ৰীয় ফৰেন্সিক দলৰ ৷ স্বামী আৰু শাহুৱেকক অতি নৃশংসভাৱে হত্যা কৰিছিল বন্দনা কলিতা আৰু দুই সহযোগীয়ে ৷ শনিবাৰে দুই সহযোগী অৰূপ ডেকা আৰু ধনটি ডেকাকো প্ৰেৰণ কৰা হয় গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ (Guwahati double murder accused) ৷

কাৰাগাৰতে পাষাণ বন্দনাক জেৰা চলাইছে কেন্দ্ৰীয় ফৰেন্সিকৰ দলে

গুৱাহাটী,4 মাৰ্চ: গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে গুৱাহাটী ডাবল মাৰ্ডাৰৰ মাষ্টাৰমাইণ্ড বন্দনা কলিতাক জেৰা কেন্দ্ৰীয় ফৰেন্সিক দলৰ ৷ গুৱাহাটীত চাৰিদিন ধৰি বাহন পাতি আছে ফৰেন্সিকৰ দলটোৱে ৷ শ্ৰদ্ধা হত্যাকাণ্ডৰো অনুসন্ধান চলাইছিল এই দলটোৱে ৷ মনস্তাত্ত্বিক বিষয় সামৰি বন্দনা কলিতাক জেৰা দলটোৰ (Bandana Kalita Assam case) ৷

উল্লেখ্য যে, স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অন্ধকাৰ কুঠৰিত ঘাতক বন্দনা কলিতাই দিন পাৰ কৰিবলগীয়া হৈছে ৷ ইফালে, বন্দনাৰ দুই সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকাকো শনিবাৰে প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ (Bandana Kalita murder case) ৷

13 দিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাচত শনিবাৰে নুনমাটি আৰক্ষীয়ে ধনটি ডেকা আৰু অৰূপ ডেকাক ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱায় । পৰৱৰ্তী সময়ত CJM আদালতে এই নৃশংস হত্যাকাণ্ডৰ আন দুই অভিযুক্তক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷

ইতিমধ্যে স্বামী আৰু শাহুৱেকক অতি জঘন্যভাৱে কৰা হত্যাত বন্দনা কলিতাক সহায় কৰা দুই সহযোগী ধনটি আৰু অৰূপক তদন্তৰ বাবে প্ৰথমে 7 দিন, তাৰ পাচত 4 দিন আৰু পৰৱৰ্তী সময়ত 2 দিনৰ বাবে নিজৰ জিম্মাত লৈছিল নুনমাটি আৰক্ষীয়ে । উল্লেখ্য যে, 2 মাৰ্চত মূল অভিযুক্ত বন্দনা কলিতাক প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ (Bandana Kalita sent to jail) ৷

সম্প্ৰতি বন্দনাসহ তিনি নৃশংস হত্যাকাৰীৰ ঠিকনা হৈ পৰিছে কেন্দ্ৰীয় কাৰাগাৰৰ অন্ধকাৰ কুঠৰী ৷ স্মৰ্তব্য যে, সাতমাহ পূৰ্বে এই তিনি অভিযুক্তই ধনৰ লালসাৰ বাবে অমৰজ্যোতি দে’ক আৰু শংকৰী দে’ক হত্যা কৰি চোকা দাৰে মৃতদেহ টুকুৰা-টুকুৰ কৈ কাটি মেঘালয়ৰ ডাউকী আৰু চেৰাপুঞ্জী পথৰ পৰা প্ৰায় 60-70 ফুট তললৈ পেলাই দিছিল (Brutal murder in Guwahati) ৷

2022 চনৰ 26 জুলাইত শংকৰী দে’ক আৰু 17 আগষ্টত অমৰজ্যোতি দে’ক নৃশংসভাৱে হত্যা কৰাৰ পাচত হত্যাকাৰী বন্দনাই নাৰেংগীৰ স্বামী গৃহত পাপ মোচনৰ বাবে পাতিছিল সত্যনাৰায়ণ পূজা । যোৱা 14 ফেব্ৰুৱাৰীৰ পৰা মহানগৰ আৰক্ষীয়ে শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ নিখোজ হোৱা ঘটনাৰ তদন্তৰ আঁত ধৰি ঘাটক বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ ডেকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাচত এই নৃশংস হত্যাকাণ্ডৰ তিনি অভিযুক্তক লগত লৈ তদন্তকাৰী আৰক্ষীৰ দলে মেঘালয়ত অভিযান চলাই মৃতদেহৰ কিছু অবশিষ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: Biswajit Hazarika murder update: দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিওৱা হ’ল বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.