Gurusewa programme:সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত "গুৰুসেৱা" কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:06 PM IST

thumbnail

চতিয়া, ৫ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মঙলবাৰে জামুগুৰিহাটৰ ধলাইবিলতো শিক্ষক দিৱস উদযাপন কৰা হয় ৷ সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত অসম সেনা আৰু জামুগুৰি আঞ্চলিক উন্নতি সভাৰ সহযোগত উলহ মালহেৰে এই দিৱস উদযাপন কৰা হয় ৷ শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক অৱসৰ প্ৰাপ্ত শিক্ষাগুৰুক সংগঠনকেইটাই আজি সম্বৰ্ধনা জনায় ৷

ধলাইবিল সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ । অসম সেনাৰ ৰাজ্যিক উপ-সভাপতি বিপুল বৰাও উপস্থিত থকা সভাখনিত যুব ছাত্ৰ পৰিষদৰ বিশ্বজিৎ কলিতা, প্ৰাঞ্জল বৰুৱা, আটছাৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব মিণ্টু ভুমিজকে আদি কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷

সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ অন্যতম সদস্য উদ্দীপ্ত কাশ্যপে আঁত ধৰা সভাখনিত স্থানীয় বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ সাংস্কৃতিক কৰ্মী ৰঞ্জন দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনিত আছুৰ প্ৰাক্তন জ্যেষ্ঠ কৰ্মী মহেন্দ্ৰ হাজৰিকাৰ লগতে সংগঠনটোৰ বৰ্তমানৰ সক্ৰিয় কৰ্মী সমীৰণ বৰুৱা, ধূৰ্জত গোস্বামী, দেৱ দীপাংকৰ শইকীয়াকে আদি কৰি বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে ৷ আজি শিক্ষক দিৱসৰ দিনটোত ছাত্ৰ সংগঠনটোৱে এনেদৰে শিক্ষক দিৱস উদযাপন কৰি অৱসৰ প্ৰাপ্ত শিক্ষকসকলক সম্বৰ্ধনা জনোৱা কাৰ্যক শিক্ষাগুৰুসকলে শলাগ লৈছে ৷

লগতে পঢ়ক : Teachers Day : শিক্ষক দিৱসৰ উপহাৰ; ৩৬ মনোনীত কৃতী শিক্ষাগুৰুক ৰাজ্যিক বঁটা প্ৰদান চৰকাৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.