Inter college karate competition: ৰঙিয়াত আন্তঃমহাবিদ্যালয় কাৰাটে প্ৰতিযোগিতাৰ সফল সামৰণি

By

Published : Feb 12, 2023, 3:58 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ৰঙিয়া, ১২ ফেব্ৰুৱাৰী: ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত আন্তঃমহাবিদ্যালয় কাৰাটে প্ৰতিযোগিতাৰ সফল সামৰণি পৰে (Inter college karate competition in Rangia) । উল্লেখ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হয় এই কাৰাটে প্ৰতিযোগিতা । ৰঙিয়া মহাবিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাখন পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত হয় (GU inter college karate championship) । 

প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মুঠ ১৭ খন মহাবিদ্যালয়ে অংশগ্রহণ কৰে । ১৭ খন মহাবিদ্যালয়ৰ পৰা প্ৰতিযোগিতাখনত মুঠ ৮০ গৰাকী কাৰাটে প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে (karate competition at rangia college) । আনহাতে, প্ৰতিযোগিতাখনৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে অসম কাৰাটে সন্থাৰ (assam karate association) সভাপতি তথা কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা । 

লগতে উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (BJP state president Bhabesh Kalita), মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ পৰিষদৰ সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ কাকতি আৰু অসম ৰাজ্যিক কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধুৰী । ইয়াৰ উপৰি পুৱাৰ ভাগত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰতিযোগিতাখনৰ ক্ৰীড়াংগনৰ দ্বাৰ মুকলি কৰে । 

উল্লেখ্য, এই প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ অংশগ্ৰহণকাৰী ১৭ খন মহাবিদ্যালয়ৰ ভিতৰত আছে ৰঙিয়া মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, নাৰেংগী মহাবিদ্যালয়, ৰঙাপৰা মহাবিদ্যালয়, পূব কামৰূপ মহাবিদ্যালয়, বি কে বি কলেজ, দিছপুৰ কলেজ, ধৰমশালা কলেজ, এল চি বি কলেজ, ডি কে কলেজ, নেৰিম কমাৰ্চ কলেজ, গুৱাহাটী কমাৰ্চ কলেজ, গুৱাহাটী কলেজ, মুখাৰ্জু কলেজ, বঙাইগাঁও মহাবিদ্যালয়, পুঠিমাৰী মহাবিদ্যালয় আৰু পাণ্ডু কলেজ । আনহাতে, প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি সাংসদ দিলীপ শইকীয়াই ৰঙিয়া মহাবিদ্যালয়ৰ আলোচনী 'ৰংগণ'ৰো শুভ উন্মোচন কৰে । 

লগতে পঢ়ক: Sankardev Sangha Conference : আতা সমন্বয় ক্ষেত্ৰত লক্ষাধিক ভকত বৈষ্ণৱৰ বিশাল শোভাযাত্ৰা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.