ETV Bharat / state

Sankardev Sangha Conference : আতা সমন্বয় ক্ষেত্ৰত লক্ষাধিক ভকত বৈষ্ণৱৰ বিশাল শোভাযাত্ৰা

author img

By

Published : Feb 12, 2023, 2:26 PM IST

আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ অন্তিম দিন (Last day of Sankardev Sangha Conference)। পুৱাই লক্ষাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিত নৱ নিযুক্ত সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই উত্তোলন কৰে ধৰ্মধ্বজা । ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশাল শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ।

Sankardev Sangha Conference
আতা সমন্বয় ক্ষেত্ৰত লক্ষাধিক ভকত বৈষ্ণৱৰ বিশাল শোভাযাত্ৰা

আতা সমন্বয় ক্ষেত্ৰত লক্ষাধিক ভকত বৈষ্ণৱৰ বিশাল শোভাযাত্ৰা

জোনাই, ১২ ফেব্ৰুৱাৰী : দেওবাৰে অৰ্থাৎ আজি সামৰণি পৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন (92nd Session of Srimanta Sankardev Sangha)। পুৱাই ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হয় সামৰণি কাৰ্যসূচী ৷ লক্ষাধিক ভকত বৈষ্ণৱৰ জয়ধ্বনিৰে মুখৰিত ধেমাজিৰ চিমেন চাপৰিৰ পৰমানন্দ আতাক্ষেত্ৰ । ভক্তিৰসত বিলীন হ'ল চেৰেণ পথাৰৰ আতা সমন্বয় ক্ষেত্ৰ ।

উল্লেখ্য যে যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধেমাজিৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন (Sankardev Sangha Conference in Dhemaji)। অধিৱেশন আজি তৃতীয় তথা অন্তিম দিন । সামৰণি অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লক্ষাধিক ভকত বৈষ্ণৱসকলে অংশগ্ৰহণ কৰে । অগণন লোকক সাক্ষী কৰি পুৱাই উত্তোলন কৰা হয় ধৰ্মধ্বজা ।

নৱ নিযুক্ত সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই উত্তোলন কৰে ধৰ্মধ্বজা । অধিৱেশনৰ সামৰণিৰ দিনটোত ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ ধৰ্মধ্বজা উত্তোলনৰ পাছতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ । খোল, মৃদং আৰু হৰি নামৰ ধ্বনিত একপ্ৰকাৰ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ল চেৰেণ পথাৰৰ আকাশ বতাহ ।

প্ৰতিকূল বতৰকো নেওচি লক্ষাধিক ভকত-বৈষ্ণৱ আৰু আই-মাতৃয়ে অংশ ল'লে সামৰণিৰ কাৰ্যসূচীত । আধ্যাত্মিক পৰিৱশেৰ মাজতে বিশাল পতাকা বেদীৰ ওপৰত থিয় হৈ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই পতাকা উত্তোলকৰ ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসংগত শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে বিস্তৃতভাৱে আলোকপাত কৰাৰ লগতে বৰ্তমান সময়ত শংকৰদেৱৰ দৰ্শনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে নৱ নিযুক্ত পদাধিকাৰগৰাকীয়ে ।

লগতে পদাধিকাৰগৰাকীয়ে মহাপুৰুষজনাৰ গুণানুকীৰ্তন কৰি কয় যে অসমীয়াত গৱেষণা কৰা পণ্ডিতে মাত্ৰ ১২ বছৰ বয়সত বৰ্ণমালা শিকিয়েই আ-কাৰ-ই-কাৰ নোহোৱাকৈ কবিতা লিখিব পৰা নাই । ইফালে তেওঁ উল্লেখ কৰা মতে সমালোচনা আৰু সংঘাত মানৱ জীৱনত স্বাভাৱিক । তেওঁ এই সন্দৰ্ভত কয় যে এন্ধাৰ নহ'লে পোহৰ কি দৰে আহিব । দোষ নাথাকিলে সংস্কাৰ কিদৰে হ'ব । মাথো পাশৱিক চৰিত্ৰ এৰি সকলোকে ইতিবাচক দিশ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় ।

পদাধিকাৰৰ ভাষণৰ পাছতে আতা সমন্বয় ক্ষেত্ৰৰ পৰা উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা তথা ভাগৱত ভ্ৰমণ (Sankardev Sangha Conference Cultural procession) ৷ ৪ লক্ষাধিক লোকে অংশ লোৱা প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশাল শোভাযাত্ৰাই সমগ্ৰ চিমেন চাপৰিবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :Road accident: জোনাইত শংকৰ সংঘ অধিৱেশনথলীলৈ অহা বাছ দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.