Gulab Chand Kataria latest news:তেজপুৰলৈ আহিব ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

By

Published : Jun 27, 2023, 7:52 PM IST

thumbnail

তেজপুৰ, ২৭ জুন : ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা আৰু আইন শৃংখলা পৰিস্থিতিৰ কথা আলোচনা কৰিবলৈ কাইলৈ তেজপুৰত উপস্থিত হ’ব অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৷ বুধবাৰে পুৱা তেজপুৰত উপস্থিত হৈ তেজপুৰ বিশ্ববিদ্যালয়ত বি টি চি প্ৰধান প্ৰমোদ বড়োৰ সৈতে বিশ্ববিদ্যালয়ৰ এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি বিয়লি তেজপুৰত উত্তৰ অসমৰ আটাইকেইখন জিলাৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সৈতে অপৰাধ জনিত ঘটনাৰ সম্পৰ্কত আলোচনা কৰিব ৰাজ্যপাল গৰাকীয়ে ৷

তেজপুৰ ভ্ৰমণৰ সময়ছোৱাত বিভিন্ন চৰকাৰী বিভাগৰ কামকাজৰ খতিয়ান ল’ব গুলাব চান্দ কাটাৰিয়াই ৷ সন্ধিয়া শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত বিভিন্ন দল সংগঠনৰ সৈতে তেওঁ মত বিনিময় কৰিব ৷ নিশা সেনা বাহিনীৰ মুখ্যালয় চতুৰ্থ ক’ৰত ভাৰতীয় সেনা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে আইন শৃংখলা আৰু অন্যান্য বিষয়ত আলোচনা কৰিব ৷ অহা ৩০ জুনত তেজপুৰত উপস্থিত হ’ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ গীনিজ ৰেকৰ্ডৰ বাবে বিহু দলত অংশ লোৱা বিহুৱা-বিহুৱতী সকলক মুখ্যমন্ত্ৰীয়ে আৰ্থিক অনুদান দিব এই দিনটোত ৷

লগতে পঢ়ক : Protesting against constituency delimitation:সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতা, বন্ধ বৰাক উপত্যকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.