ETV Bharat / state

Protesting against constituency delimitation:সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতা, বন্ধ বৰাক উপত্যকা

author img

By

Published : Jun 27, 2023, 3:58 PM IST

protesting against constituency delimitation
কাছাৰত বৰাক বন্ধৰ ব্যাপক প্ৰভাৱ

কাছাৰত বৰাক বন্ধৰ ব্যাপক প্ৰভাৱ, স্তব্ধ জনজীৱন ৷ বন্ধৰ ৩০০ সমৰ্থকক আটক ।

প্ৰদীপ দত্ত ৰয়

শিলচৰ, ২৭ জুন : অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতাৰে কংগ্ৰেছ আৰু বিডিএফৰ আহ্বানত হোৱা 12 ঘন্টীয়া বৰাক বন্ধৰ ব্যাপক প্ৰভাৱ সমগ্ৰ বৰাক উপত্যকাৰ লগতে কাছাৰ জিলাতো দেখিবলৈ পোৱা গ’ল ৷ বন্ধৰ ফলত স্তব্ধ হৈ পৰে শিলচৰ চহৰসহ সমগ্ৰ কাছাৰ জিলা ৷ সমান্তৰালকৈ জনজীৱনো স্তব্ধ হৈ পৰা দেখা গ’ল কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ।

বন্ধৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ স্থিতিৰ পাচত ৰাস্তালৈ নোলোৱাকৈ থাকে বন্ধৰ সমৰ্থকসকল ৷ সাধাৰণ ৰাইজে ঘৰৰ পৰা নোলোৱাকৈয়ে পালন কৰিলে এই বন্ধ ৷ বন্ধ থাকে প্ৰায় সকলো দোকান-পোহাৰ ৷ দিনটোত বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকিলেও নাছিল ছাত্ৰ-ছাত্ৰী ৷ অফিচ-আদালতত উপস্থিতিৰ হাৰ আছিল খুবেই সেৰেঙা ৷

শিলচৰ চহৰৰ প্ৰায় সকলো ঠাইতে বন্ধ আছিল দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান । ৰাজপথত আনদিনাৰ দৰে মঙলবাৰে বন্ধৰ সময়ছোৱাত দেখা নগ’ল যান-বাহনৰ চলাচল ৷ কিছু সংখ্যক ই-ৰিক্সা আৰু প্ৰয়োজনীয় কামত কিছু ব্যাক্তিগত বাহনৰ বাহিৰে কোনো বাণিজ্যিক বাহন চলাচল কৰা নাছিল ৰাজপথত ৷

এই বন্ধৰ বিৰুদ্ধে দুদিনৰ পৰা কঠোৰ ভূমিকা আছিল কাছাৰ আৰক্ষীৰ ৷ কিন্তু আৰক্ষীৰ ৰঙা চকুকো উপেক্ষা কৰি পুৱা ৫ বজাৰ পৰা ঠায়ে ঠায়ে কংগ্ৰেছ নেতা কৰ্মীসকল বন্ধৰ সমৰ্থনত ওলাই আহে ৷ পুৱা শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি যাতায়ত ব্যৱস্থা ব্যাহত কৰি তোলে কাটিগড়া আৰু কালাইনৰ কংগ্ৰেছী সকলে ৷

আনহাতে, শিলচৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ বন্ধ কৰি কংগ্ৰেছীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শ্ল’গানেৰে বন্ধৰ সমৰ্থকসকলে উত্তাল কৰি তোলে উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখভাগ ৷ কাৰ্যালয়টোৰ সম্মুখত থকা অফিছ পাৰাৰ পথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ সময়তে আৰক্ষী আৰু বন্ধৰ সমৰ্থকসকলৰ মাজত হতাহতি আৰু ঠেলা-হেঁচা পৰিৱেশৰ সৃষ্টি হয় ৷ আৰক্ষীয়ে বন্ধ সমৰ্থনত ওলোৱা কংগ্ৰেছ, বিভিন্ন দল-সংগঠনৰ প্ৰায় 300 জন নেতা-কৰ্মীক আটক কৰে কাছাৰ জিলাত ৷ আনহাতে বৰাক বন্ধক সফল কৰাৰ বাবে বৰাকবাসীক ধন্যবাদ জ্ঞাপন কৰে BDF ৰ নেতা প্ৰদীপ দত্ত ৰয়ে ।

লগতে পঢ়ক : Manipur Violence : মণিপুৰৰ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.