Government pharmacies in Assam : সাধাৰণ ৰাইজক সকাহ দিয়াৰ স্বাৰ্থত স্থাপন হ'ব চৰকাৰী ফাৰ্মাচী

By

Published : Aug 5, 2023, 5:52 PM IST

thumbnail

গুৱাহাটী, ৫ আগষ্ট : জনতাৰ মূৰত মাধমাৰ শোধাই পুনৰ বৃদ্ধি হ'ল সততে ব্যৱহাৰ হৈ থকা বহু মূল্যৱান ঔষধৰ দাম ৷ প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দামবৃদ্ধিয়ে দহিছে সকলোকে ৷ পেট্ৰ'ল-ডিজেলকে ধৰি অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী দামবৃদ্ধিত ইতিমধ্যে কোঙা হৈছে সাধাৰণ ৰাইজ ৷ দৰৱৰ দাম বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

সাধাৰণ ৰাইজক সকাহ দিয়াৰ স্বাৰ্থত স্থাপন হ'ব চৰকাৰী ফাৰ্মাচী ৷ এই ফাৰ্মাচীত সুলভ মূল্যতে উপলব্ধ হ'ব সকলো দৰৱ লগতে বৃদ্ধি পাব জেনেৰিক দৰৱৰ ফাৰ্মাচীৰ সংখ্যাও ৷ জেনেৰিক দৰৱ প্ৰেছক্ৰাইব কৰিব লাগিব চিকিৎসকে ৷ জিএমচিএইছত আছে অমৰুট ফাৰ্মাচী ৷ জিএমচিএইছ চৌহদত জেনেৰেক ফাৰ্মাচী নাই বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷  

তেওঁ অসম আন্দোলনৰ শ্বহীদৰ সন্তানৰ এমবিবিএছ পাঠ্যক্ৰমত আসন সংৰক্ষণ সন্দৰ্ভত মন্তব্য কৰি কয় যে, পুৰণা নিয়ম অনুসৰিয়েই সংৰক্ষণৰ ব্যৱস্থা চলি আছে, নতুনকৈ সংশোধন কৰা নাই আৰু সেই নিয়ম অনুসৰিয়েই DME ৰ জাননী ওলাইছে ৷ সেই বিষয়ত বিবেচনা কৰা হব ৷ এনআৰআইৰ বাবে 7 শতাংশ আসন সংৰক্ষণ হৈছে ৷ এতিয়ালৈ 47 খন আবেদন আহিছে বুলি কয় মন্ত্ৰীজনে ৷

লগতে পঢ়ক : Lok Kalyan Divas : দুগৰাকীকৈ মন্ত্ৰীৰ উপস্থিতিত নলবাৰীত লোক কল্যাণ দিৱস পালন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.