ETV Bharat / state

Lok Kalyan Divas : দুগৰাকীকৈ মন্ত্ৰীৰ উপস্থিতিত নলবাৰীত লোক কল্যাণ দিৱস পালন

author img

By

Published : Aug 5, 2023, 4:23 PM IST

Updated : Aug 5, 2023, 5:06 PM IST

Lok Kalyan Divas Observed in Nalbari
নলবাৰী নাট্য মন্দিৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস পালন

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে নলবাৰীত লোক কল্যাণ দিৱস পালন ৷নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত দিৱসত উপস্থিত থাকে অভিভাৱক মন্ত্ৰী অজন্তা নেওগ আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।

নলবাৰীত লোক কল্যাণ দিৱস পালন

নলবাৰী, 5 আগষ্ট : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীতো শনিবাৰে অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে "লোক কল্যাণ দিৱস" পালন কৰা হয় ৷ নলবাৰী নাট্য মন্দিৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় এই দিৱস ৷ বিশিষ্ট শিক্ষাবিদ সঞ্জীৱ গোস্বামীয়ে আঁত ধৰা সভাখনত জিলা আয়ুক্ত বৰ্ণালী ডেকাই আদৰণী ভাষণ ৰাখে ৷ সভাত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নলবাৰীৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ, জিলা আয়ুক্ত বৰ্ণালী ডেকা, শিক্ষাবিদ ফনীধৰ ডেকাকে প্ৰমুখ্য কৰি ভাৰতীয় জনতা পাৰ্টীৰ নেতা-কৰ্মী, কেইবাটাও বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু স্থানীয় ৰাইজ ৷

এই দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে প্ৰয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷ আনহাতে ভাষণ প্ৰসংগত দুই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অজন্তা নেওগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কৰ্মৰাজীৰ বিষয়ে উল্লেখ কৰাৰ লগতে চৰকাৰী কৰ্মচাৰী সকলকো নিজৰ কামত কৰ্তব্যপৰায়ণ হৈ কাম কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে চৰকাৰী কৰ্মচাৰীসকলক উৎসাহ দিয়াৰ উদ্যেশ্যে ৰাইজৰ হৈ কাম কৰা জিলাখনৰ দুগৰাকীকৈ নিষ্ঠাৱান চৰকাৰী কৰ্মচাৰী ক্ৰমে ৰাতুল বৰ্মন আৰু ভাৰতী মিশ্ৰক লোকবঁটা প্ৰদান কৰা হয় ৷

সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অজন্তা নেওগে কেইবাটাও প্ৰসংগত মত ব্যক্ত কৰে ৷ মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰে আপ্ৰাণ চেষ্টা চলাই থকা বুলি সদৰী কৰে ৷ আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাহুল গান্ধীৰ সাংসদ পদ পুনৰ ঘুৰাই পোৱাক লৈ প্ৰশ্ন কৰে বিৰোধীক ৷ বিৰোধীয়ে আচল কথাটো কিয় নকয় বুলি মন্তব্য কৰি কয় যে, বিৰোধীয়ে নিৰ্বাচনত জিকিলে জনতাৰ ৰায় বুলি কোৱাৰ লগতে হাৰিলে ইভিএম টেম্পাৰিং কৰা বুলি কয় ৷ তাৰ স্থিতি স্পষ্ট কৰিবলৈ বিৰোধীক কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

আনহাতে মন্ত্ৰীগৰাকীয়ে ইণ্ডিয়া মিত্ৰজোঁটে বিজেপিত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি কয় ৷ ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰত্যেকটো দলৰে আদৰ্শগত স্থিতি বেলেগ বেলেগ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি মত ব্যক্ত কৰে ৷ ইফালে এপিডিচিএলৰ কৰ্মীক আক্ৰমণৰ ঘটনাক লৈ দোষীয়ে উচিত শাস্তি পাব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক : Water Purification Plant: বৰপেটাৰ ২০নং ৱাৰ্ডত বিশুদ্ধ পানী যোগান আঁচনি উদ্বোধন জিলা আয়ুক্তৰ

Last Updated :Aug 5, 2023, 5:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.