জিলা নেতৃত্বৰ প্ৰতি অনাস্থা প্ৰকাশ; গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়াৰ পদত্যাগ

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:28 PM IST

thumbnail

আমগুৰি ২৬ ডিচেম্বৰ : শিৱসাগৰ জিলা কংগ্ৰেছৰ ভেটিত খহনীয়া । গৌৰীসাগৰ ব্লক কংগ্ৰেছ, গৌৰীসাগৰ মহিলা ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ লগতে ১১ খন মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াৰ সমূহীয়া পদত্যাগ । জিলা কংগ্ৰেছ সভাপতি মঞ্জিৰ গগৈৰ স্বেচ্ছাচাৰিতাৰ বাবেই পদত্যাগ কৰাৰ বিষয়ে সংবাদমেলত ঘোষণা কৰে বিষয়ববীয়াসকলে ।

গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ লগতে ১১ খনকৈ পঞ্চায়তৰ বিষয়ববীয়ায়ো সকলো পদবীৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰে । এক সংবাদমেল যোগে এই পদত্যাগৰ কথা ঘোষণা কৰে । উল্লেখ্য যে বিগত কিছু বছৰ ধৰি আমগুৰি কংগ্ৰেছে বিভিন্ন ঘাত-প্ৰতিঘাট অতিক্ৰম কৰিবলগা হৈছে । তাৰে মাজতে পুনৰ এক দুঃসময়ৰ গৰাহত পৰিছে আমগুৰি কংগ্ৰেছ । অঞ্জন দত্তৰ পাছতে প্ৰয়াত নেতাগৰাকীৰ দুহিতা অংকিতা দত্তই বিগত এটা যুগ ধৰি আমগুৰি কংগ্ৰেছক সবলভাৱে পৰিচালনা কৰি অহা পৰিলক্ষিত হৈ আহিছিল ।

কিন্তু অংকিতা দত্তক দলৰ পৰা নিলম্বন আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ যোগেদি আমগুৰি সমষ্টিৰ বিলুপ্তিকৰণৰ দৰে বৃহৎ দুৰ্যোগৰ পাছত পুনৰ এক দুৰ্যোগৰ সমুখত এতিয়া ৰাজনৈতিক দলটো । গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ প্ৰতি শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈৰ চূড়ান্ত অমনোযোগিতাৰ অভিযোগ উত্থাপন কৰি গৌৰীসাগৰ ব্লক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ লগতে এই ব্লকৰ অন্তৰ্গত ১১ খনকৈ পঞ্চায়তৰ বিষয়ববীয়াসকলে সকলো পদবীৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰে ।

মঙলবাৰে গৌৰীসাগৰস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলযোগে গৌৰীসাগৰ ব্লক কংগ্ৰেছে এই কথা ঘোষণা কৰে ।

লগতে পঢ়ক :12 বছৰজোৰা এক প্ৰক্ৰিয়া সফল সমাপ্তিৰ দিশে; 29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা-ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.