মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ তিতাবৰৰ যুৱতী

By

Published : Jul 6, 2022, 8:18 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ তিতাবৰ বৰহোলাৰ এগৰাকী যুৱতী (Girl from Titabor rescued from human trafficking group) । উত্তৰ প্ৰদেশৰ মেৰুৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীৰ এটা দলে যুৱতীগৰাকীক উদ্ধাৰ কৰে । এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । যুৱতীগৰাকীৰ ঘৰ বৰহোলাৰ হাবিগাঁৱত বুলি জানিব পৰা গৈছে । যোৰহাট জিলাৰ সীমান্তত ৰজাবাৰী, পানজান, শিলডুবি, দকলঙীয়া, কলাপানী অঞ্চলৰ চাহ জনগোষ্ঠীৰ একাংশ যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনৰে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে এই চক্ৰটোৱে । ইফালে বুধবাৰে পুৱাই উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰে’লযোগে যোৰহাটত উপস্থিত হৈ যুৱতীগৰাকীক বৰহোলা আৰক্ষীক গতাই দিয়ে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.