Ganja Seized: কৰিমগঞ্জত প্ৰায় ডেৰ কোটি টকাৰ গাঞ্জা জব্দ

By

Published : Apr 17, 2023, 9:21 AM IST

thumbnail

কৰিমগঞ্জ, 17 এপ্ৰিল: নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতেই একাংশ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছ তথা আন নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় ৷ নিত্য-নতুন কৌশল অৱলম্বন কৰি অসাধু চক্ৰই সময়ে সময়ে আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ (Anti Drugs Mission of Assam police) ৷

কৰিমগঞ্জত পুনৰ আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমাণৰ গাঞ্জা (Ganja Seized in Karimganj) ৷ কৰিমগঞ্জ জিলাৰ বাজৰিচৰা থানাৰ অন্তৰ্গত চূড়াইবাৰী আৰক্ষীয়ে জব্দ কৰে প্ৰায় ডেৰ কো‌টি টকাৰ গাঞ্জা ৷ চূড়াইবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন দাসে জনোৱা মতে, দেওবাৰে বাঁহ ভৰ্তি 10 চকীয়া এখন বাহনত, অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰী চেক পইণ্টত তালাচী চলাই এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ যাৰ বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ আৰক্ষীয়ে লগতে বাহনখনৰ চালক দীপক কুমাৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে (Huge amount of Ganja seized in Karimganj) ৷

লগতে পঢ়ক: Road Accident at Kaliabor : কলিয়াবৰৰ চাৰিলেন যুক্ত পথত বাগৰিল মালবাহী ট্ৰাক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.