Road Accident at Kaliabor : কলিয়াবৰৰ চাৰিলেন যুক্ত পথত বাগৰিল মালবাহী ট্ৰাক

By

Published : Apr 16, 2023, 9:16 PM IST

thumbnail

কলিয়াবৰ, 16 এপ্ৰিল : কলিয়াবৰত অঘটন ৷ কলিয়াবৰত চাৰিলেন যুক্ত পথ নিৰ্মাণত ৰৈ যোৱা ক্ৰুটিৰ বাবেই দেওবাৰে পথৰ ওপৰতে বাগৰি পৰিল এখন মালবাহী বাহন (Road Accident at Kaliabor) । এই দুৰ্ঘটনাত আহত হয় মালবাহী বাহনখনৰ চালক আৰু হেণ্ডিমেন ৷ স্থানীয় লোকৰ তৎপৰতাত আহত দুয়োকে কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে  এ এছ 02 বিচি 1067 (Kaliabor Road Accident) ৷ উল্লেখ্য যে, নগাঁৱৰ পৰা তেজপুৰ অভিমুখী ৰাষ্ট্ৰীয় পথচোৱাত প্ৰায়েই এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । ৰাষ্ট্ৰীয় পথ নিৰ্মাণ বিভাগৰ অমনযোগিতাৰ সুবিধা লৈ একাংশ ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰে ৷ ফলত বিপদত পৰে পথাচাৰী । দেওবাৰেও ইয়াৰ ব্যতিক্ৰম নহ’ল ৷ এই অভিযোগ কলিয়াবৰ বৰালীগাঁওবাসীৰ ৷

লগতে পঢ়ক : Atiq Ahmed Murder Case: আতিক আহমেদ হত্যাকাণ্ডৰ পাচতে সাংবাদিকৰ বাবে SOP ৰ পৰিকল্পনা গৃহ মন্ত্ৰালয়ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.