Crime in Dhubri: বিলাসীপাৰাত ১১ জুৱাৰীসহ নগধ ধন জব্দ

By

Published : Mar 4, 2023, 1:35 PM IST

thumbnail

পশ্চিম বিলাসীপাৰা, ৪ মাৰ্চ: অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা (Crime in Bilasipara)। বিলাসীপাৰাৰ বিভিন্ন অঞ্চলত নিতৌ সংঘটিত হৈছে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা । শেহতীয়াভাৱে জুৱা খেলে ছানি ধৰিছে বিলাসীপাৰা চহৰখনে ধৰি দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল (Gambling game in Bilasipara)। সেয়েহে জুৱা খেলক লৈ উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজ ।

বিলাসীপাৰা আৰক্ষীয়ে ইতিমধ্য়ে অঞ্চলটোৰ বিভিন্ন ঠাইত জুৱাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ মাজতেই শুক্ৰবাৰে আটক হৈছে ১১ টাকৈ জুৱাৰী (Gamblers arrested in Bilasipara)। আৰক্ষীয়ে জুৱাৰীকেইটাৰ পৰা নগদ ধনৰ লগতে জুৱাৰ সামগ্ৰী জব্দ কৰে । ছুৱাপাতা চতুৰ্থ খণ্ড গাঁৱৰ পৰা আটক কৰা জুৱাৰীকেইটা হৈছে মনছেব আলী, আচমত আলী, মজীদ আলী, সহিদুল ইছলাম, ছুলতান আলী, আনোৱাৰ হুছেইন, সুজাল মণ্ডল, আব্দুল ছালাম, ওচমান গনি আৰু ছৰাব আলী । ধৃত জুৱাৰীকেইটাৰ পৰা অধিক তথ্য লাভৰ বাবে বিলাসীপাৰা আৰক্ষীয়ে সোধা-পোছা অহ্যাহত ৰাখিছে ।

লগতে পঢ়ক:2 handguns and machine recovered : ডুমডুমা বন সংমণ্ডলত ২ টাকৈ হস্তনিৰ্মিত বন্দুকসহ গছ কটা মেচিন উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.