আমগুৰিত মাৰণাস্ত্ৰসহ আটক ৪ যুৱক

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 9:42 PM IST

thumbnail

শিৱসাগৰ, ১৯ ডিচেম্বৰ : আমগুৰি আৰক্ষীৰ সফলতা ৷ মঙলবাৰে শিৱসাগৰ জিলাৰ আমগুৰিত মাৰণাস্ত্ৰসহ চাৰিজনকৈ যুৱক আটক কৰা হয় । আমগুৰি আৰক্ষীয়ে থানাৰ সন্মুখতে AS০৫R২৭০৩ পালচাৰ আৰু AS০৫Q৯০৯৩ স্কুটীত অহা চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আমগুৰি আৰক্ষীয়ে ।

আটকাধীন যুৱক চাৰিজনৰ পৰা দুটা ৯ এম এম পিষ্টল, এটা হস্তনিৰ্মিত পিষ্টলসহ ১২ জাঁই সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ধৃত চাৰিজন যুৱক ক্ৰমে জন বসুমতাৰী, যতীন বড়ো, গোপী হাজোৱাৰী, শিৱ হেমব্ৰম বুলি জানিব পৰা গৈছে । চাৰিজন যুৱকৰে ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটত বুলি জানিব পৰা গৈছে ।

প্ৰথম অৱস্থাত আমগুৰি আৰক্ষীয়ে ধৃত যুৱক কেইজনক আলফা (স্বাধীন) ৰ সদস্য বুলি জানিবলৈ দিছিল যদিও শীৰ্ষ আৰক্ষী বিষয়াই অস্ত্ৰ সৰবৰাহকাৰী বুলিহে ব্যক্ত কৰে ৷ তাৰ পাচতে সমগ্ৰ বিষয়টো জটিল হৈ পৰে ৷ শেহতীয়াকৈ আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে, লক্ষাধিক টকাৰ বিনিময়ত কোনো অজ্ঞাত লোকক মাৰণাস্ত্ৰ যোগান ধৰিবলৈ আহিছিল যুৱককেইজনে । বাতৰি প্ৰেৰণ কৰা সময়লৈকে শিৱসাগৰ উচ্চপদস্থ আৰক্ষী বিষয়া আমগুৰি থানাত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : মহানগৰীৰ মালিগাঁৱৰ পৰা সন্দেহজনক আলফা (স্বা)ৰ কেডাৰ গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.