Pollution at Bokajan Cement Factory: বোকাজান চিমেণ্ট ফেক্টৰীত পালছ জেট বেগ হাউছৰ আধাৰশিলা স্থাপন

By

Published : Mar 12, 2023, 8:15 PM IST

thumbnail

ডিফু, ১২ মাৰ্চ: বোকাজান চিমেণ্ট ফেক্টৰীত প্ৰদূষণ মুক্ত কৰাৰ  উদ্দেশ্য়ে পালছ জেট বেগ হাউছ নামৰ আঁচনি এখনৰ শনিবাৰে আধাৰশিলা স্থাপন কৰা হয় (Foundation Stone of Pulse Jet Bag House in Bokajan)। পালছ জেট বেগ হাউছ আঁচনিখন ৰূপায়ণ হ'লে প্ৰদুষণমূক্ত হ'ব বোকাজান চিমেণ্ট ফেক্টৰী ৷ বোকাজান চিমেণ্ট ফেক্টৰীৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু ধূলিয়ে বোকাজানৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত প্ৰদূষণৰ সৃষ্টি কৰি জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে চিমেণ্ট ফেক্টৰীটোত এই অত্যাধুনিক প্ৰযুক্তিৰ আধাৰশিলা স্থাপন কৰা হয় (Bokajan Cement Factory) ৷  

কলকাতাৰ invent fans private limited নামৰ সংস্থা এটাই চিমেণ্ট ফেক্টৰীটোক প্ৰদুষণমূক্ত কৰিবলৈ ২০২৪ চনৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ কৰি তুলিব বুলি আশ্বাস প্ৰদান কৰিছে । ৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্পটো । প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে চিমেণ্ট ফেক্টৰীটোৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জয় বাঙগাই (CMD of Bokajan Cement Factory)। এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য় সচিব মুকুল কুমাৰ শইকীয়া, পৰিষদীয় সদস্য মাধুৰ্য ঢেঁকীয়াল ফুকন, বোকাজানৰ মহকুমাধিপতি অনুপ কুমাৰ ব্ৰহ্ম আদি ।

উল্লেখ্য় যে বোকাজান চিমেণ্ট ফেক্টৰীৰ পৰা সৃষ্টি হোৱা প্ৰদূষণৰ বাবে বোকাজান নগৰলৈ ভাবুকি কঢ়িয়াই আহিছিল । এইলৈ মহকুমাটোৰ বিভিন্ন দল-সংগঠনে চিমেণ্ট ফেক্টৰীটোৰ মাৰাত্মক প্ৰদূষণ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাই আহিছিল ৷ উক্ত অত্যাধুনিক প্ৰযুক্তিৰ আঁচনি ৰূপায়নেৰে পূৰদুষণ প্ৰতিৰোধ হ'লে বোকাজানবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাব বুলি সচেতন মহলে মত পোষণ কৰিছে ।

লগতে পঢ়ক:Paharganj Holi case : উৎপীড়নৰ সন্মুখীন হ'লেও ভাৰতক ভাল পায় জাপানী যুৱতীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.