ETV Bharat / bharat

Paharganj Holi case : উৎপীড়নৰ সন্মুখীন হ'লেও ভাৰতক ভাল পায় জাপানী যুৱতীয়ে

author img

By

Published : Mar 12, 2023, 3:10 PM IST

হোলীৰ সময়ত দিল্লীৰ পাহাৰগঞ্জত এগৰাকী জাপানী যুৱতীক বলপূৰ্বকভাৱে ফাকুৱা লগোৱাৰ উপৰিও দুৰ্ব্যৱহাৰ কৰা হৈছিল (Japanese girl molested in Delhi)। টুইটযোগে যুৱতীগৰাকীয়ে কৈছে যে ঘটনাটোৰ পাচতো কোনেও ভাৰতক বেয়া পাব নোৱাৰে । তেওঁ সম্প্ৰতি বাংলাদেশত আছে ।

Paharganj Holi case
উৎপীড়নৰ সন্মুখীন হ'লেও ভাৰতক ভাল পায় জাপানী যুৱতীয়ে

নেশ্যনেল ডেস্ক, ১২ মাৰ্চ : পাহাৰগঞ্জ অঞ্চলত হোলী উদযাপনৰ সময়ত এগৰাকী জাপানী যুৱতীক উৎপীড়ন চলোৱা হৈছিল (Paharganj Holi case)। যি ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে । বলপূৰ্বকভাৱে একাংশ লোকে যুৱতীগৰাকীক ফাকুৱা লগাইছিল । সেই সময়ত ৰেকৰ্ডিং কৰা এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হয় । অৱশ্যে এই ঘটনা সন্দৰ্ভত ৪ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (4 held on Paharganj Holi case)। অভিযুক্তসকলৰ ভিতৰত এজন নাবালক । একে সময়তে, ভুক্তভোগী যুৱতীগৰাকীয়ে কিন্তু এতিয়ালৈকে এই বিষয়ত দিল্লী আৰক্ষীক কোনো অভিযোগ দিয়া নাই ।

অৱশ্যে, যুৱতীগৰাকীয়ে টুইট কৰি কয় যে তেওঁ এতিয়া বাংলাদেশত আছে । টুইটত তেওঁ কয় যে যোৱা ৯ মাৰ্চত তেওঁ ভাৰতীয় উৎসৱ হোলীৰ এটা ভিডিঅ' টুইট কৰিছিল । ইয়াৰ পাছত, ৰিটুইট আৰু মেছেজৰ সংখ্যা কল্পনা কৰাতকৈ অধিক বৃদ্ধি পাইছিল । যাৰবাবে তেওঁ শংকিত হৈ পৰিছে । সেইকাৰণে তেওঁ টুইটটো ডিলিট কৰিছে বুলি উল্লেখ কৰিছে (Japanese girl re tweet on holi case)।

আনহাতে সেই ভিডিঅ'টোৰ দ্বাৰা অসুবিধাৰ সন্মুখীন হোৱা লোকসকলৰ ওচৰত তেওঁ ক্ষমাও বিচাৰিছে (Paharganj Holi viral video)। এই সন্দৰ্ভত সুপ্ৰিয়া নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে কয় যে বেছিভাগ ভাৰতীয়ই এই ঘটনাত হতবাক হৈ জাপানী যুৱতীগৰাকীৰ ওচৰত ক্ষমা বিচাৰিছে । একে সময়তে শুভম বাৰ্মা নামৰ এজন ব্যৱহাৰকাৰীয়ে কয় যে দুৰ্ব্যৱহাৰ কৰা যুৱকজনৰ হৈ তেওঁ ক্ষমা বিচাৰিছে ।

জাপানী যুৱতীগৰাকীৰ টুইটৰ প্ৰতি নিৰন্তৰ সঁহাৰি দিয়া দেখা গৈছে । আনহাতে তেওঁৰ প্ৰতি সহানুভূতিও প্ৰকাশ কৰিছে ভাৰতীয়সকলে । টুইটটোত জাপানী যুৱতীগৰাকীয়ে কৈছিল যে তেওঁ শুনিছে এগৰাকী ভাৰতীয় মহিলাই হোলী উৎসৱত বাহিৰলৈ ওলাই যোৱাটো অতি বিপদজনক । সেয়েহে তেওঁ আন ৩৫ গৰাকী বন্ধুৰ সৈতে হোলীত ওলাই গৈছিল । কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হৈছিল ।

পৰৱৰ্তী টুইটটোত যুৱতীগৰাকীয়ে ভাৰতক প্ৰশংসা কৰি কয় যে ভাৰতত হোলী উৎসৱৰ অস্বাভাৱিকতা আৰু অসুবিধাবোৰ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা নাছিল । আনকি ভিডিঅ' কৰা লোক আৰু আন লোকসকলে তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিছিল (Japanese girl molesting case in Delhi)।

যুৱতীগৰাকীয়ে লিখিছে যে হোলী উৎসৱ হৈছে এক আশ্চৰ্যকৰ আৰু আমোদজনক পৰম্পৰাগত উৎসৱ, যাৰ উদ্দেশ্য হৈছে ইজনে সিজনৰ ওপৰত ৰঙীন পাউডাৰ আৰু পানী ঢালি বসন্তৰ আগমন উদযাপন কৰা আৰু কোনো বৰ্ণবৈষম্য অবিহনে উৎসৱ উপভোগ কৰা । তেওঁ ভিডিঅ' আৰু টুইটবোৰে বহুলোকৰ উদ্বেগ বৃদ্ধি কৰিছে । ইয়াৰ বাবে, তেওঁ আন্তৰিকতাৰে ক্ষমা বিচাৰে ।

যুৱতীগৰাকীয়ে উল্লেখ কৰা মতে তেওঁৰ লক্ষ্য আছিল কেৱল ভাৰতৰ ইতিবাচক দিশ আৰু আনন্দ প্ৰকাশ কৰা । দিল্লী আৰক্ষীয়ে প্ৰতিশ্ৰুতি দিছে যে এনে ঘটনা প্ৰতিহত কৰিবলৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । যুৱতীগৰাকীয়ে আশা কৰা মতে আগন্তুক বছৰৰ পৰা হোলীত মহিলাৰ ওপৰত উৎপীড়ন হ্ৰাস পাব (Misbehave with Japanese girl during Holi)।

যুৱতীগৰাকীয়ে লগতে কয় যে তেওঁ ভাৰতৰ সকলোবোৰ ভাল পায় । তেওঁ বহুবাৰ ভাৰতলৈ আহিছে আৰু ই এখন অতি ধুনীয়া দেশ । ভাৰত ইমান সুন্দৰ দেশ যে এনে ঘটনাৰ পাছতো কোনোৱে ভাৰতক বেয়া পাব নোৱাৰে । তেওঁৰ মতে ভাৰত আৰু জাপান সদায় বন্ধু হৈ থাকিব । তেওঁ বৰ্তমান বাংলাদেশত আছে আৰু শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ আছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Boys misbehave with Japanese girl: দিল্লীত হোলীৰ সুযোগ লৈ জাপানীজ যুৱতীক দুৰ্ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.