Biman Roy Case: ঘগ্ৰাপাৰ কাণ্ড; 14 দিনৰ ন্যায়িক জিম্মালৈ অভিযুক্ত বিমান ৰয়

By

Published : Jul 10, 2023, 3:28 PM IST

Updated : Jul 10, 2023, 7:19 PM IST

thumbnail

নলবাৰী, 10 জুলাই: চাৰিদিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত সোমবাৰে পুনৰ বিতৰ্কিত আৰক্ষী বিষয়া বিমান ৰয়ক হাজিৰ কৰোৱা হয় অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত ৷ চাৰিদিনৰ আৰক্ষীৰ জিম্মাৰ আজি ম্যাদ উকলাত পুনৰ আদালতত হাজিৰ কৰোৱা হয় বিমান ৰয়ক ৷  

আদালতত হাজিৰ কৰাৰ পূৰ্বে নিলম্বিত আৰক্ষী বিষয়াগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হয় নলবাৰী চিভিল হাস্পতাললৈ ৷ স্বাস্থ্য পৰীক্ষা কৰোৱাই পোনে পোনে লৈ অহা হয় নলবাৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালতলৈ ৷ আদালতলৈ অনাৰ সময়ত কোনো ধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে বিতৰ্কিত বিমান ৰয় ৷ আনহাতে বিমান ৰয়ক স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়ত একাংশ স্থানীয় লোকে বিমান ৰয়ৰ উচিত শাস্তি বিচাৰে ৷ 

শেহতীয়াকৈ প্ৰাপ্ত বাতৰি অনুসৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল ঘগ্ৰাপাৰ কাণ্ডৰ অভিযুক্ত বিমান ৰয়ক ৷ 4 দিনৰ আৰক্ষী জিন্মাৰ ম্যাদ উকলাৰ পিছত সোমবাৰে অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল বিমান ৰয়ক ৷ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামাৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতেই আদালতত হাজিৰ কৰা হয় বিমান ৰয়ক ৷ আদালতে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ঘগ্ৰাপাৰ কাণ্ডৰ অভিয়ুক্ত বিমান ৰয়ক ৷

21 জুনত ঘগ্ৰাপাৰ থানাৰ ভিতৰত নিশা কিশোৰীক নিৰ্যাতনৰ ঘটনাত অভিযুক্ত বিমান ৰয় ৷ সোমবাৰে আদালতত বিমান ৰয়ৰ হৈ যুক্তি প্ৰদশৰ্ন কৰে জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে ৷ ইফালে বিমান ৰয়ৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰি জামিন আবেদন দাখিল কৰে যদিও ন্যায়ালয়ে জামিন নাকচ কৰে বিমান ৰয়ৰ ৷ 

লগতে পঢ়ক: Public Protest at Lahowal: আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৰূপ কুমাৰ দত্ত চিকিৎসাধীন

Last Updated : Jul 10, 2023, 7:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.