হাতী-মানুহৰ সংঘাত সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিবলৈ গোলাঘাটত উপস্থিত বিদেশী পৰ্যটক

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 12:02 PM IST

thumbnail

গোলাঘাট, ২২ নৱেম্বৰ: হাতী-মানুহৰ সংঘাত সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিবলৈ বুধবাৰে পুৱাৰ ভাগত গোলাঘাটত উপস্থিত হয় বিদেশী পৰ্যটকৰ এটা দল । আফ্ৰিকা আৰু ছুইজাৰলেণ্ডৰ পৰ্যটকৰ দলটোৱে গোলাঘাটৰ অভয়জানত বন্যহস্তীৰ জাকটো প্ৰত্যক্ষ কৰে ৷ তেওঁলোকে লগতে অসমৰ এই জ্বলন্ত সমস্যাৰো বুজ লয় ৷ অৱশ্যে বন্যহস্তী আৰু মানুহৰ মাজৰ সংঘাতৰ বাবে তেওঁলোকে মূলত মানুহক জগৰীয়া কৰে ৷ 

বন্যহস্তীৰ জাকটোক স্থানীয় লোকে বাধা প্ৰদান কাৰ্যত আফ্ৰিকা আৰু ছুইজাৰলেণ্ডৰ পৰ্যটকৰ দলটোৱে অসন্তুষ্টি ব্যক্ত কৰে ৷ হস্তীসমূহক মুকলি মনেৰে থাকিবলৈ দিলে হস্তী-মানুহৰ মাজত সংঘাতৰ সৃষ্টি নহয় বুলি উল্লেখ কৰে বিদেশী পৰ্যটকৰ দলটোৱে ৷ উল্লেখ্য যে, গোলাঘাটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বন্যহস্তীৰ সন্ত্ৰাস । জিলাখনৰ ৰঙাজানকে ধৰি বৃহত্তৰ থুৰামুখ, অভয়জান, থুৰাজান আদি কৰি বিভিন্ন অঞ্চলত বন্যহস্তীৰ এটা প্ৰায় ১০০ জনীয়া জাকে উপদ্ৰৱ সৃষ্টি কৰি আহিছে ।

লগতে পঢ়ক: হাতে হাতে টৰ্চ লৈ হাতী খেদিছে গঞাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.