হাতে হাতে টৰ্চ লৈ হাতী খেদিছে গঞাই

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 11:39 AM IST

thumbnail

গোলাঘাট, 21 নৱেম্বৰ : গোলাঘাট জিলাত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ সন্ত্ৰাসত যোৱা 4/5 নিশা বিনিদ্ৰ ৰজনী কটাইছে ভোলাগুৰি, আৱৰঘাট, চিনাতলী, শেনছোৱাৰ গঞাই ৷  জানিব পৰা অনুসৰি, গোলাঘাট জিলাৰ আৱৰঘাটত ধনশিৰি নদী পাৰ হৈ সোমবাৰে নিশা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে ত্ৰাহি মধুসূদন সোঁৱৰাইছে বৃহত্তৰ অঞ্চলবাসী ৰাইজক । প্ৰায় ১৫০ ৰো অধিক হাতী থকা জাকটো জনাঞ্চলত প্ৰৱেশ কৰি কৃষকৰ পকা ধান খাই বিস্তৰ ক্ষতি সাধন কৰিছে। 

এই ঘটনাৰ খবৰ পাই বন বিভাগৰ লোকো উপস্থিত হৈছে যদিও হাতী খেদিবলৈ পৰা নাই ৷ ইফালে বিয়াগোম বন বিভাগৰ লোকৰ হাতত বন্যহস্তী খেদিবলৈ পৰ্যাপ্ত পৰিমাণে নাই সা-সৰঞ্জাম নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে  ৷ যাৰ ফলত কৃষকৰ সন্মুখতেই হাতীৰ জাকে খাই তহিলং কৰিছে সোণালী ধান। ফলত নিশাই হাতে হাতে টৰ্চ লৈ হাতী খেদিবলৈ ওলাই আহিছে গঞা ৷ বিয়লিৰ পৰা জুই ধৰি ওৰে নিশা হাতীৰ উপদ্ৰৱৰ বাবে উজাগৰী নিশা কটাইছে কেইবাখনো গাঁৱৰ জনতাই ৷ বন্যহস্তীৰ সমস্যাটো সমাধান কৰিবলৈ বন বিভাগক উচিত পদক্ষেপ ল’বলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হ’ল জিৰাফৰ পোৱালী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.