ETV Bharat / state

প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হ’ল জিৰাফৰ পোৱালী

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:45 AM IST

অসম ৰাজ্যিক চিৰিয়াখানালৈ পোন প্ৰথমবাৰৰ বাবে আহিল নতুন আলহী ৷ অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হ’ল জিৰাফৰ পোৱালী (First giraffe calf in Assam zoo) ৷

Assam zoo gets its first giraffe calf
চিৰিয়াখানাত জন্ম হ’ল জিৰাফৰ পোৱালী

গুৱাহাটী, ২০ নৱেম্বৰ : পশুপ্ৰেমী সকললৈ সু-খবৰ । অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী । পোন প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত জন্ম হৈছে এটা জিৰাফৰ পোৱালী । জানিব পৰা মতে, ১৬ নৱেম্বৰত জন্ম হৈছে এই মাইকী জিৰাফৰ পোৱালীটো ।

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এক ফটো শ্বেয়াৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত জিৰাফৰ জন্মৰ কথা সদৰী কৰে । লগতে তেওঁ ৰাইজক জিৰাফৰ পোৱালীটো নাম শ্বেয়াৰ কৰিবলৈ সকলোকে আহ্বান জনায় । ৰাজ্যিক চিৰিয়াখানাত বিজয়া নামৰ জিৰাফটোৱে এই পোৱালী জন্ম দিয়ে ।

  • Happy to share that the Assam State Zoo has been blessed with a cute baby Giraffe just three days ago.

    Any suggestions for naming the new born? pic.twitter.com/5lCapqKhWG

    — Himanta Biswa Sarma (@himantabiswa) November 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, পশু বিনিময় কাৰ্যসূচীৰ অধীনত বিজয়াক বিগত বছৰ পাটনাৰ পৰা অনা হৈছিল । বন সংমণ্ডল বিষয়া (ডিএফঅ’) অশ্বিনী কুমাৰে কয় যে ৰাজ্যত প্ৰথমবাৰৰ বাবে জিৰাফৰ জন্ম হৈছে । বৰ্তমান পোৱালী আৰু মাকো সুস্থ হৈ আছে ৷

তথ্য অনুসৰি, ২০২০ চনত অসম ৰাজ্যিক চিৰিয়াখানালৈ মহীশূৰৰ পৰা দুটা জিৰাফ অনা হৈছিল । তাৰ মাইকী জিৰাফজনী ২০২১ ত গড়ালতে নিশা দানা খোৱা স্থানত ফাঁচ লাগি মৃত্যু হৈছিল । ইয়াৰ পিচতে পাটনাৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ বিজয়াক অনা হৈছিল ।

প্ৰায় ৮ বছৰ বিৰতিৰ অন্তত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ মহীশূৰৰ পৰা অনা হৈছিল জিৰাফ ৷ পৰৱৰ্তী পৰ্যায়ত জিৰাফজনীৰ মৃত্যু হোৱাত পশুপ্ৰেমীসকল আবেগিক হৈ পৰিছিল ৷ কিন্তু পোন প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত জন্ম হোৱা জিৰাফৰ পোৱালীটোৱে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷

লগতে পঢ়ক : বিশ্বকাপ ২০২৩ : বিৰাট কোহলীলৈ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ খিতাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.