Flood in Assam: বানৰ কবলত মাণিকপুৰৰ কেইবাখনো গাঁও

By

Published : Aug 13, 2023, 5:23 PM IST

thumbnail

মাণিকপুৰ, ১৩ আগষ্ট: বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত কেইবাখনো গাঁও বানপানীৰ কবলত পৰিছে । আই আৰু মানাহ নৈৰ বাঢ়নী পানীয়ে ৪,৫ আৰু ৬ নং ভাণ্ডাৰা বানপানীৰ কবলত পৰিছে । মানাহ নদীৰ দুয়োপাৰে থকা গাঁৱসমূহত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । ধাৰাবাহিক বৰষুণ পৰি থকাত নদীৰ পানী ফেনেফুটুকাৰে বাঢ়ি আছে ।

ইপিনে, লুংঝাৰ কাঠৰ দলঙৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । বিজনী পাতিলাদহা বজাৰ সংযোগী দলঙৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাত স্থানীয় ৰাইজে শংকাত ভুগিছে । ডাঙাইগাঁৱৰ পৰা ভাণ্ডাৰা হৈ কীৰ্ত্তনপাৰা পথৰ ওপৰেদি বাগৰিছে পানী । যাতায়ত বিছিন্ন হোৱাৰ উপক্ৰম হৈছে । আই নদীৰ পানী বাঢ়ি ৰাতিৰ ভিতৰতে নতুন নতুন গাঁও বানৰ কবলত পৰিব সেয়া নিশ্চিত ।  

যোৱা দশকত ২ নং বাশবাৰীত আই নদীৰ বানপানী আৰু গৰাখহনীয়াই অসমৰ মানচিত্ৰৰ পৰা এখন গাঁও নোহোৱা কৰি পেলাইছে যিখন গাঁৱত ২৫০ টা পৰিয়ালে বসবাস কৰিছিল । প্ৰত্যেকে সৰ্বস্ব হেৰুৱাই এতিয়াও আশ্ৰয় শিবিৰত কালৰূপী জীৱন যাপন কৰি আছে । এই বেলিও সেই অঞ্চললৈ বছৰৰ প্ৰথমটো বানতে কালৰূপ ধাৰণৰ আশংকা কৰা হৈছে । ৰাইজে অভিযোগ কৰা অনুসৰি জিলা প্ৰশাসনে বিশেষ ভুমিকা গ্ৰহণ কৰা নাই ।  

লগতে পঢ়ক:Embankment collapsed : মেৰামতিৰ এবছৰ নৌহওঁতেই খহিছে মথাউৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.