Embankment collapsed : মেৰামতিৰ এবছৰ নৌহওঁতেই খহিছে মথাউৰি

By

Published : Aug 13, 2023, 1:54 PM IST

thumbnail

টীয়ক, ১৩ আগষ্ট: খীৰতি গাইলৈ পৰ্যবসিত হৈছে জাঁজী নদীৰ মথাউৰি । মথাউৰি মেৰামতিৰ নামত জলসম্পদ বিভাগে কোটি কোটি টকা ধাৰ্য কৰাৰ পাছতো শেহতীয়াকৈ নদীখনৰ বৰ্ধিত জলস্তৰে মেৰামতি কৰাৰ স্থানত মথাউৰিটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাত নদীপৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।  

নিম্নমানৰ কামৰ বাবে জাঁজী নদীৰ বাঢ়নী পানীয়ে মথাউৰিটোৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ বাবে উজাগৰী নিশা কটাব লগা হৈছিল নদী পৰীয়া ৰাইজে । সম্প্ৰতি নদীৰ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও তৎপৰতা বৃদ্ধি পাইছে জলসম্পদ বিভাগৰ বিষয়া, কৰ্মচাৰীসকলৰ ।  

মেৰামতিৰ এবছৰ নৌহওঁতেই মথাউৰিটো বিধস্ত হৈ পৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই উক্ত মথাউৰিটো পৰিদৰ্শন কৰিবলৈ আহিব বুলি জানিব পাৰি এতিয়া গাত তত নাইকীয়া অৱস্থা জলসম্পদ বিভাগৰ বিষয়া, কৰ্মচাৰীসকলে ।  

নিম্নমানৰ কামৰ বাবে মথাউৰিটোত উঁই গাঁতৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন স্থানত মথাউৰিটো খহাৰ উপক্ৰম হৈছে । মন্ত্ৰীৰ চকুত যাতে এনেবোৰ ত্ৰুটি ধৰা নপৰে তাৰ বাবে এনে তৎপৰতা । সেয়ে ৰাইজৰ ধন যাতে অপচয় নহয় তথা মথাউৰিটো যাতে সুন্দৰ ভাৱে নিৰ্মাণ হয় তাৰ বাবে উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে এইসকল ভুক্তভোগী জনতাই । 

লগতে পঢ়ক: Assamese film Raghav: ৰাঘৱে ভংগ কৰিব পাৰিব নে ৰঘুপতিৰ অভিলেখ ? এই সন্দৰ্ভত কি ক’লে নিশিতা গোস্বামীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.