ETV Bharat / state

Assamese film Raghav: ৰাঘৱে ভংগ কৰিব পাৰিব নে ৰঘুপতিৰ অভিলেখ ? এই সন্দৰ্ভত কি ক’লে নিশিতা গোস্বামীয়ে

author img

By

Published : Aug 13, 2023, 12:34 PM IST

নলবাৰীৰ খেলপথাৰত ‘ৰাঘৱ’ৰ প্ৰচাৰত যতীন বৰা আৰু নিশিতা গোস্বামী ৷ নলবাৰীৰ খুখুন্দিত লীগ নক আউট প্ৰতিযোগিতাৰ ফাইনেল খেল চাবলৈ আহিল অভিনেতা যতীন বৰা আৰু অভিনেত্ৰী নিশিতা গোস্বামী।

Jatin Bora And Nishita Goswami at Nalbari for the promotion of Raghav
নলবাৰীৰ খেলপথাৰত ‘ৰাঘৱ’ৰ প্ৰচাৰত যতীন বৰা আৰু নিশিতা গোস্বামী

নলবাৰীৰ খেলপথাৰত ‘ৰাঘৱ’ৰ প্ৰচাৰত যতীন বৰা আৰু নিশিতা গোস্বামী

নলবাৰী, ১৩ আগষ্ট: শেহতীয়াকৈ মুক্তি লাভ কৰিলে যতীন বৰাৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘ৰাঘৱ’ৰ ট্ৰেইলাৰ ৷ ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়াৰ পিচতে ছবিখনৰ প্ৰচাৰত নামি পৰিছে ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকল ৷ এইবাৰ ক্ৰীড়া পথাৰত ছবিখনৰ প্ৰচাৰৰ বাবে উপস্থিত হোৱা দেখা যতীন বৰা আৰু নিশিতা গোস্বামীক ।

উল্লেখ্য যে, নলবাৰী খুখুন্দিত চলি থকা লীগ নক আউট প্ৰতিযোগিতা ফাইনেল খেলখন শনিবাৰে অনুষ্ঠিত হৈ যায় । জিলাখনৰ খুখুন্দিতস্থিত নতুন দেহৰ মৌজা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ভূৱনেশ্বৰ কলিতা সোঁৱৰণত অনুষ্ঠিত হয় নলবাৰী লীগ নক আউট প্ৰতিযোগিতাখনি । শনিবাৰে ফাইনেল খেলখন টিহু আৰু বেলশৰৰ মাজত অনুষ্ঠিত হয় ।

এই খেলখন উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ইফালে ফাইনেল খেল চাবলৈ তথা নিজৰ ছবিখনৰ প্ৰচাৰৰ বাবে খেলপথাৰত উপস্থিত হয় অভিনেতা যতীন বৰা আৰু অভিনেত্ৰী নিশিতা গোস্বামী । খেলপথাৰত উপস্থিত প্ৰতি গৰাকী খেলুৱৈক শুভেচ্ছা জনোৱাৰ লগতে ‘ৰাঘৱ’ ছবিখন চাবলৈ অসমবাসী ৰাইজক আহ্ব‍ান জনালে যতীন বৰা আৰু অভিনেত্ৰী নিশিতা গোস্বামীয়ে ।

যতীন বৰাই ছবিখনৰ বিষয়ে কয়, ‘‘৩০/৩২ বছৰ ধৰি এই ক্ষেত্ৰখনত জড়িত হৈ আছোঁ আৰু মৃত্যুৰ পূৰ্বলৈকে অভিনেতা হিচাপে অভিনয় কৰি যাম ৷ কাৰণ অভিনয়ৰ অবিহনে যতীন বৰাৰ কোনো অস্তিত্ব নাই ৷ মই অভিনেতা গতিকে অভিনেতা হৈয়ে থাকিম ৷ ৰাঘৱ ছবিখনক লৈ যথেষ্ট আশাবাদী ৷ সকলোৱে ওলাই আহক আৰু অসমীয়া ছবি চাওক ৷’’

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা যতীন বৰাৰ এখন বিশেষ ফটোক লৈ সাংবাদিকৰ প্ৰশ্নত অভিনেতাগৰাকীয়ে কয়, ‘‘সেই বিষয়ে মই একো নকওঁ ৷ যিসকলে ফটোখন ভাইৰেল কৰিছে তেওঁলোকক এই প্ৰশ্ন সোধক ৷ তেওঁলোকেহে ভালকৈ ক’ব পাৰিব ৷’’ লগতে আগন্তুক ২০২৪-২৫ নাট্যবৰ্ষত পুনৰ ভ্ৰাম্যমাণ জগতলৈ উভতি আহি ইতিহাস থিয়েটাৰত অভিনয় কৰিব বুলি সদৰী কৰে যতীন বৰাই ।

আনহাতে, অভিনেত্ৰী নিশিতা গোস্বামীয়ে নলবাৰীত উপস্থিত হৈ অসমীয়া মানুহে অসমীয়া ছবিক আদৰি ল’বলৈ আহ্বান জনায় । লগতে ‘ৰাঘৱ’ ছবিখনে ৰবি শৰ্মাৰ ‘ৰঘুপতি’ৰ ৰেকৰ্ড ভংগ কৰিব বুলিও আশাবাদী অভিনেত্ৰীগৰাকী । অসমীয়া চিনেমা জগতত ইখনৰ পিচত সিখন নতুন ছবিয়ে পুৰণিখনৰ ৰেকৰ্ড ভংগ কৰি অহা বুলি সদৰী কৰি অসমীয়া চিনেমা জগতলৈ ই এক ইতিবাচক খবৰ বুলি মন্তব্য কৰে নিশিতাই ।

লগতে খেলখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকি নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমৰ সকলো খেলকে প্ৰাধান্য দি ক্ৰীড়া জগতত অসমৰ পৰা প্ৰতিভা জন্ম দিবলৈ ৰাজ্য চৰকাৰে যথেষ্ট কাম কৰি আছে বুলি সদৰী কৰে । উক্ত খেলখনত অসম ফুটবল সন্থাৰ সহ সম্পাদক লগতে নতুন দেহৰ ক্ৰীড়া সংঘৰ সম্পাদক তথা বিশিষ্ট সমাজসেৱক আভিজীত কলিতাৰ লগতে বিশিষ্ট সমাজসেৱক অভিজিত শৰ্মাও উপস্থিত থাকে । নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এই খেলখনত নলবাৰী জিলাৰ বিভিন্ন ব্লকৰ পৰা মুঠ ৮ টাকৈ দলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Raghav teaser out now: ৰাঘৱত ব্যতিক্ৰমী ৰূপত দেখা যাব যতীন বৰাক, কেতিয়া ছবিগৃহত মুক্তি পাব ৰাঘৱ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.