Robbers detained: অস্ত্ৰসহ কৰিমগঞ্জ আৰক্ষীৰ জালত পাঁচ ডকাইত

By

Published : Jun 11, 2023, 11:40 AM IST

thumbnail

কৰিমগঞ্জ, 11 জুন :  কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ অভিযানত অস্ত্ৰসহ আটক পাঁচজনীয়া এটা ডকাইতৰ দল । আৰক্ষীৰ অভিযানত ডকাইতৰ দলটোৰ পৰা জব্দ হৈছে পাঁচটা আগ্নেয়াস্ত্ৰসহ কেইবাজাঁই গুলি । ডকাইতৰ দলটোৰ পৰা তিনিটা হাতে সজা বন্দুক আৰু দুটা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটো (Five dacoit detained)। 

আটক হোৱা ডকাইতকেইটা হৈছে আব্দুল লতিফ, ময়নুল হক, মনিৰ উদ্দিন, জমিৰ উদ্দিন আৰু হালিম উদ্দিন বুলি জানিব পৰা গৈছে । গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান । উল্লেখ্য যে, কৰিমগঞ্জ জিলাৰ নিলামবাজাৰ আৰক্ষী থানাৰ অধীনত থকা কায়স্থগ্ৰাম ৰেল গেটখন বন্ধ কৰি আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে চলাইছিল এই অভিযান (Arms seized in Karimganj) ।

লগতে পঢ়ক : TMC leader arrested : তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ পৰা উদ্ধাৰ অস্ত্ৰ, চাঞ্চল্য অব্যাহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.