ETV Bharat / bharat

TMC leader arrested : তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ পৰা উদ্ধাৰ অস্ত্ৰ, চাঞ্চল্য অব্যাহত

author img

By

Published : Jun 11, 2023, 10:27 AM IST

তৃণমূল কংগ্ৰেছৰ এগৰাকী কৰ্মীৰ জেপৰ পৰা উদ্ধাৰ পিষ্টল ৷ তাৰপিচতেই গ্ৰেপ্তাৰ কৰা হয় তৃণমূল কংগ্ৰেছৰ নেতাজনক । 8 জুলাইৰ পৰা ৰাজ্যখনত আৰম্ভ হ’ব পঞ্চায়ত নিৰ্বাচন (Bengal panchayat polls) ৷

Trinamool congress news
তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ পৰা উদ্ধাৰ পিষ্টল

নেশ্যনেল ডেস্ক, 11 জুন : পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত কংগ্ৰেছ নেতাৰ হত্যাকাণ্ডৰ অভিযোগত অব্যাহত থকা প্ৰতিবাদৰ সময়ত তৃণমূল কংগ্ৰেছৰ এগৰাকী কৰ্মীৰ পৰা উদ্ধাৰ কৰা হয় এটা পিষ্টল ৷ উক্ত অভিযোগৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হয় তৃণমূল কংগ্ৰেছৰ নেতাজনক ( TMC leader arrested with gun in West Bengal) ।

মনোনয়ন পত্ৰৰ বাবে দলীয় প্ৰাৰ্থীৰ মাজত তীব্ৰ মতানৈক্য দেখিবলৈ পোৱা গৈছে জিলাখনত ৷ 8 জুলাইৰ পৰা আৰম্ভ হ’ব পঞ্চায়ত নিৰ্বাচন ৷ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ দিনটোতেই পশ্চিমবংগৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছিল ৰাজনৈতিক অস্থিৰতা ৷ বিভিন্ন জিলাত ৰাজনৈতিক সংঘৰ্ষ হোৱাৰ খবৰ ওলোৱা পৰিলক্ষিত হৈছে । প্ৰায়বোৰ ঠাইতে শাসকীয় দলৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে । এইবাৰ মনোনয়নক লৈ তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাতে দেখা দিয়ে (Trinamool congress news) ৷

সংঘাতৰ সৈতে জড়িত থকাৰ অভিযোগত শাসকীয় দলৰ 3 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয় । তৃণমূল কংগ্ৰেছৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি গ্ৰেপ্তাৰ কৰা লোকসকল ভাৰতপুৰ তৃণমূলৰ বিধায়ক হুমায়ুন কবীৰৰ অনুগামী । উল্লেখ্য যে, মনোনয়ন প্ৰদানৰ প্ৰথম দিনটোত অৰ্থাৎ শুকুৰবাৰে ভাৰতপুৰত তৃণমূল ব্লকৰ সভাপতিৰ সমৰ্থকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । 24 ঘণ্টাৰ ভিতৰতে সেই ঘটনাৰ সৈতে জড়িতৰ সন্দেহত 3 জন লোকক গ্ৰেপ্তাৰ কৰা হয় (Bengal panchayat polls)

গ্ৰেপ্তাৰ হোৱা লোককেইজন আব্দুল আজিজ মিৰ্জা ওৰফে ভূটাৰ, ফিৰোজ শ্বেখ ওৰফে তপন আৰু ৰোহন শ্বেখ । ধৃত লোককেইজন অঞ্চলটোৰ বিধায়ক হুমায়ুন কবীৰৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে । ইয়াৰ ভিতৰত আব্দুল ভাৰতপুৰ পঞ্চায়ত সন্থাৰ খাদ্য কাৰ্যবাহী, ফিৰোজ কাৰ্যবাহী আৰু ৰোহন তৃণমূল কৰ্মী বুলি জানিবলৈ পৰা গৈছে ।

স্মৰ্তব্য যে, শুকুৰবাৰে তৃণমূলৰ দলীয় সংঘৰ্ষত উত্তপ্ত হৈ পৰে ছালাৰ । অভিযোগ অনুসৰি স্থানীয় বিধায়কগৰাকীৰ সমৰ্থক আৰু তৃণমূল ব্লকৰ সভাপতিৰ মাজত সৃষ্টি হয় এই সংঘৰ্ষৰ । এই সংঘৰ্ষৰ ফলত কমেও 15 জন লোক আহত হয় বুলি জানিবলৈ পৰা গৈছে । ইতিমধ্যে দুয়োপক্ষই কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। এই তিনিজন লোকক গ্ৰেপ্তাৰ সন্দৰ্ভত ভাৰতপুৰৰ বিধায়কগৰাকীয়ে জেলৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে (Violence rages in Murshidabad)

মন কৰিবলগীয়া যে, পাঁচশৰো অধিক তৃণমূল কৰ্মকৰ্তাই বহাৰমপুৰ মুৰ্ছিদাবাদ কংগ্ৰেছত যোগদান কৰে ৷

লগতে পঢ়ক : Bhupen Borah slams BJP : ডিমা হাছাওত চৰকাৰী পৃষ্ঠপোষকতাত চলিছে ছিণ্ডিকেট; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.