ETV Bharat / state

Bhupen Borah slams BJP : ডিমা হাছাওত চৰকাৰী পৃষ্ঠপোষকতাত চলিছে ছিণ্ডিকেট; ভূপেন বৰা

author img

By

Published : Jun 11, 2023, 8:52 AM IST

Bhupen Borah at Haflong
ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ পৰ্যায়ৰ সন্মিলন

শনিবাৰে হাফলং সাংস্কৃতিক ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ পৰ্যায়ৰ এখন সন্মিলন অনুষ্ঠিত হৈ যায় ৷ 2024 চনত বিজেপি দল কেন্দ্ৰৰ পৰা উৎখাত হ’ব বুলি দাবী কৰি দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । সদস্য ভৰ্তি অনুষ্ঠানত 200 ৰো অধিক লোকে দলটোত যোগদান কৰে (Dima Hasao district congress) ৷

ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ পৰ্যায়ৰ সন্মিলন

হাফলং, 11 জুন : দিল্লীৰ পৰা 2024 চনত উৎখাত হ’ব বিজেপি চৰকাৰ । শনিবাৰে হাফলং সাংস্কৃতিক ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ পৰ্যায়ৰ এখন সন্মিলনত এই মন্তব্য আগবঢ়ায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ দলৰ কিছু দুৰ্বলতা আছিল যদিও বৰ্তমান 7 খনকৈ ৰাজ্যত দলটোৱে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে বুলি কয় বৰাই (Bhupen Borah at Haflong) ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয় যে, বৰ্তমান তামিলনাডু, কৰ্ণাটক, ঝাৰখণ্ড, বিহাৰত কংগ্ৰেছ দলৰ চৰকাৰ আছে । ডিচেম্বৰত ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আগতে আৰু কেইবাখনো ৰাজ্যত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে ভূপেন বৰাই । শনিবাৰে আয়োজিত অনুষ্ঠানটোত সংবাদ মাধ্যমৰ আগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত বিজেপি দল শাসনত অহাৰ পূৰ্বে যি প্ৰতিশ্ৰুতি আগবঢ়াইছিল সেয়া পূৰণত সম্পূৰ্ণ ব্যৰ্থ হ’ল বুলি কয় ।

Bhupen Borah at Haflong
ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ পৰ্যায়ৰ সন্মিলন

পাহাৰীয়া জিলাখনত কয়লাৰ অবৈধ ছিণ্ডিকেট, শিলৰ অবৈধ ছিণ্ডিকেট শাসনাধিষ্ঠিত দলটোৰ নেতৃত্বত চলিছে বুলি কয় সভাপতি ভূপেন বৰাই । ৰাইজ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈছে বুলি অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Assam pradesh congress president)।

পাহাৰীয়া জিলাখনত বন বিভাগৰ ভূমি আৰু চৰকাৰী ভূমি আইন বহিৰ্ভূতভাৱে কিছু নেতাই বেদখল কৰাৰ ষড়যন্ত্ৰ চলাই আহিছে বুলিও গুৰুতৰ অভিযোগ তোলে । ইয়াৰোপৰি 5 টাকৈ গোচৰত অভিযুক্ত এজনক বিজেপি দলে ডিমা হাছাও জিলাৰ শাসনভাৰ প্ৰদান কৰিছে বুলি বৰাই কয় । এই নেতাগৰাকীক বন্দুকৰ পৰা চন্দুকৰ দায়িত্ব কেৱল মাত্ৰ মুষ্টিমেয় একাংশ নেতাৰ বাবে দিয়া হৈছে বুলিও কয় সভাপতিগৰাকীয়ে । ডিমা হাছাও জিলাত ৰাজ্য চৰকাৰৰ পৰোক্ষ অথবা প্ৰত্যক্ষ হস্তক্ষেপত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ পোহাৰ মেলা হৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Borah slams BJP) ।

ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ পৰ্যায়ৰ এই সন্মিলনত শনিবাৰে 200 গৰাকী লোকে কংগ্ৰেছ দলটোত যোগদান কৰে । শনিবাৰে ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ সন্মিলনত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, নিৰ্মল লাংথাচা, ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে দলটোৰ বহু কৰ্ম-কৰ্তা উপস্থিত থাকে ।

লগতে পঢ়ক : Cop detained in Dhubri : ৰঙাঘৰৰ আলহী হ’ল কনিষ্টবল আশ্ৰাফুল ইছলাম মোল্লাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.