ETV Bharat / state

Cop detained in Dhubri : ৰঙাঘৰৰ আলহী হ’ল কনিষ্টবল আশ্ৰাফুল ইছলাম মোল্লাহ

author img

By

Published : Jun 11, 2023, 7:43 AM IST

Cop detained in Dhubri
ধুবুৰীত আৰক্ষী কনিষ্টবল গ্ৰেপ্তাৰ

হাতত হেণ্ডকাফ লৈ আন অপৰাধীৰ সৈতে আদালতত উপস্থিত হ’ল এজন আৰক্ষী কনিষ্টবল ৷ ভিন্নজনৰ পৰা দাবী ধমকিৰে ধন সংগ্ৰহৰ অভিযোগ আৰক্ষী কনিষ্টবল আশ্ৰাফুল ইছলাম মোল্লাহৰ বিৰুদ্ধে (Cop detained in Dhubri) ৷ আদালতে 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে কনিষ্টবল মোল্লাক ।

ধুবুৰীত আৰক্ষী কনিষ্টবল গ্ৰেপ্তাৰ

ধুবুৰী, 11 জুন : খাকী পোচাকত আকৌ দাগ ৷ আৰক্ষীৰ দ্বাৰা পুনৰ ৰঙাঘৰত সোমাল এজন আৰক্ষী ৷ ঘটনাৰ স্থান ধুবুৰীৰ গৌৰীপুৰ ৷ ধৃত আৰক্ষীৰ কৰ্মীজন হ’ল ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিয়োজিত হৈ থকা কনিষ্টবল আশ্ৰাফুল ইছলাম মোল্লাহ (Cop detained in Dhubri) ৷ অভিযোগ অনুসৰি, বিভিন্ন সময়ত আশ্ৰাফুল ইছলাম মোল্লাহে ড্ৰাগছ মাফিয়াৰ উপৰিও আন বিভিন্ন জনৰ পৰা দাবী ধমকিৰে অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছিল ।

এই অভিযোগৰ তেনে এক অভিযোগৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে কনিষ্টবল আশ্ৰাফুল ইছলাম মোল্লাহৰ বিৰুদ্ধে তদন্ত কৰে । আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পিচত শুকুৰবাৰে গৌৰীপুৰ আৰক্ষী বিষয়া ঋতুজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গৌৰীপুৰৰ মাটিয়াবাগ অঞ্চলৰ পৰা কনিষ্টবলজনক আটক কৰে (Cop detained on accused of extorting money in Dhubri) ।

তাৰ পিচতেই নিশা কনিষ্টবলজনক জেৰা কৰাৰ অন্তত তেওঁৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে 31 জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গুলী কেইটাৰ লগতে দুখনকৈ বাহনো জব্দ কৰে গৌৰীপুৰ আৰক্ষীয়ে । আৰক্ষীৰ জেৰাৰ অন্তত কনিষ্টবল মোল্লাৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত 239/23 নম্বৰ ধাৰাত গোচৰ পঞ্জীয়ন কৰা হয় । এই গোচৰৰ ভিত্তিতেই শনিবাৰে ধুবুৰী আদালতত হাজিৰ কৰা হয় ধৃত আৰক্ষী কনিষ্টবলজনক ।

লগতে পঢ়ক : Extortion in Mangaldoi: বীৰ লাচিত সেনা অসমৰ নামত ধন দাবী কৰি আটক যুৱক

ইপিনে ধুবুৰী আদালতত হাজিৰ কৰাই গৌৰীপুৰ আৰক্ষীয়ে কনিষ্টবলজনক পাঁচ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আবেদন কৰে । অৱশ্যে আদালতে তিনি দিনৰ বাবে গৌৰীপুৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে কনিষ্টবল জনক। লক্ষণীয় বিষয় যে, স্বয়ং আৰক্ষী হৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ পিচত আন অপৰাধীৰ সৈতে একেলগে হাতত হেণ্ডকাফ লৈ কনিষ্টবল আশ্ৰাফুল ইছলাম মোল্লাই আদালতত হাজিৰ হ’বলগীয়া হ’ল ।

অৱশ্যে ধৃত কনিষ্টবলজনৰ বিৰুদ্ধে আৰু কি অভিযোগ আৰক্ষীয়ে লাভ কৰিছে অথবা তেওঁৰ বিৰুদ্ধে কি কি তথ্য লাভ কৰিছে সেই বিষয়ে সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই আৰক্ষীয়ে ৷ তিনিদিন গৌৰীপুৰ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি ধৃত কনিষ্টবলজনৰ পৰা আৰু কি কি তথ্য উদঘাটন কৰিবলৈ সক্ষম হয় সেয়াহে লক্ষণীয় বিষয় ৷ ইফালে ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীৰ হাততেই এজন আৰক্ষী কনিষ্টবল গ্ৰেপ্তাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Dergaon police rape case : দেৰগাঁৱৰ আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰত মহিলা আৰক্ষীক শ্লীলতা হানিৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.