ETV Bharat / state

Dergaon police rape case : দেৰগাঁৱৰ আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰত মহিলা আৰক্ষীক শ্লীলতা হানিৰ চেষ্টা

author img

By

Published : Feb 27, 2023, 6:39 PM IST

Dergaon police rape case
অসম আৰক্ষীৰ খাকী পোচাকত আকৌ লাগিছে দাগ

অসমৰ আৰক্ষী বিভাগত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা (Dergaon police rape case)। দেৰগাঁৱত এজন পুৰুষ আৰক্ষী জোৱানৰ কামনা বলি হ’ল প্ৰশিক্ষণৰত এগৰাকী মহিলা আৰক্ষী জোৱান (Cop detained for raping woman constable at Dergaon) ৷ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে অৱলম্বন কৰিছে মৌনতা ৷

অসম আৰক্ষী বিভাগত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা

যোৰহাট, 27 ফেব্ৰুৱাৰী : অসম আৰক্ষীৰ খাকী পোচাকত আকৌ লাগিছে দাগ ( Dergaon police rape case)৷ এইবাৰ আৰক্ষীৰ বৰঘৰ সদৃশ দেৰগাঁৱৰ আৰক্ষীৰ প্ৰশিক্ষণ থলীত সংঘটিত হৈছে এক অঘটন ৷ অভিযোগ অনুসৰি, দেৰগাঁৱৰ আৰক্ষীৰ প্ৰশিক্ষণথলীতে এজন পুৰুষ আৰক্ষী জোৱানৰ নিৰ্যাতনৰ বলি হ’ল এগৰাকী মহিলা আৰক্ষী জোৱান (Cop detained for raping woman constable at Dergaon)৷

ঘটনাৰ বিৱৰণী অনুসৰি, চলিত মাহৰ 22 তাৰিখে আৰক্ষী প্ৰশিক্ষণথলীত এগৰাকী মহিলা প্ৰশিক্ষণৰত আৰক্ষী অসুস্থ হৈ পৰে ৷ তেতিয়া তেওঁৰ এগৰাকী সহযোগী মহিলা প্ৰশিক্ষণৰত আৰক্ষীয়ে জ্যেষ্ঠ আৰক্ষীৰ কথা মতে লৈ যায় প্ৰশিক্ষণথলীৰ ভিতৰৰে কেন্দ্ৰীয় চিকিৎসালয়লৈ ৷

উক্ত দিনা নিশাৰ ভাগত অসুস্থ মহিলা আৰক্ষীগৰাকীক গৰম পানীৰ প্ৰয়োজন হোৱাত সহযোগী মহিলা জোৱানগৰাকীয়ে কাষৰ এটা কোঠাত গৰম পানীৰ ব্যৱস্থা কৰে ৷ সেই সময়ত কেন্দ্ৰীয় চিকিৎসালয়খনত কোনো নথকাৰ সুযোগ লয় নিশা নিৰাপত্তাৰ দায়িত্বত থকা নৱম অসম আৰক্ষী বাহিনীৰ কনিষ্টবল বাবুল ভূঞাই ৷

গৰম পানী কৰিবলৈ অহা কোঠাটোৰ দুৱাৰ বন্ধ কৰি অভিযুক্ত কনিষ্টবল বাবুল ভূঞাই শ্লীলতা হানিৰ চেষ্টা কৰে মহিলা আৰক্ষী জোৱানগৰাকীক ৷ তাৰ পাচতেই উক্ত স্থানৰ পৰা পলায়ন কৰে অভিযুক্ত বাবুল ভূঞাই । পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলা আৰক্ষীগৰাকীয়ে বিভাগীয় বিষয়াক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰায় ৷ কিন্তু দায়িত্বত থকা বিভাগীয় বিষয়াসকলে কোনো গুৰুত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ৷

তেনেকৈয়ে উক্ত ঘটনাৰ দুই-চাৰিদিন পাৰ হয় ৷ আন দিনাৰ দৰে দেওবাৰ অৰ্থাৎ 26 ফেব্ৰুৱাৰীৰ বিয়লিভাগত প্ৰশিক্ষণৰত আৰক্ষীৰ দৈনিক গণনা চলি আছিল ৷ তেনে সময়ত হঠাৎ অসুস্থ হৈ মাটিত ঢলি পৰে ভুক্তভোগী মহিলা আৰক্ষী জোৱানগৰাকী ৷ তাৰ পাচতে সকলোৱে উক্ত ঘটনা সন্দৰ্ভত জ্ঞাত হয় ৷ লগে লগে আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকল সমগ্ৰ ঘটনা সম্পৰ্কত অৱগত কৰায় । আনকি দেওবাৰে নিশাই দেৰগাঁও আৰক্ষীয়ে আটক কৰে অভিযোগৰ আঙুলি উঠা বাবুল ভূঞা নামৰ আৰক্ষীজনক ।

জানিব পৰা মতে, সোমবাৰে বাবুল ভূঞাক হাজিৰ কৰোৱা হয় আদালতত । মন কৰিবলগীয়া যে, এই ঘটনা সাংবাদিকৰ দৃষ্টিগোচৰ হয় বুলি যথেষ্ট গোপনীয়তা অৱলম্বন কৰিছে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ পৰা বিৰত আছে দেৰগাঁও আৰক্ষী ৷ ইতিমধ্যেই ভুক্তভোগী মহিলা আৰক্ষীগৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত দেৰগাঁও আৰক্ষীয়ে 43/2023, 376/ 201/ 506 IPC ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Dima Hasao Rape case: 4 বছৰৰ অন্তত ধৰ্ষণকাৰীক 15 বছৰ সশ্ৰম কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.