Fire incident: চকুৰ সন্মুখতে জ্বলি ছাই হ’ল মৰমৰ ঘৰখন

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 2:13 PM IST

thumbnail

বিহপুৰীয়া, 10 নৱেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ টিকিৰাই আউনিবৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়  । সবিলাল শৰ্মা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুতৰ শ্বৰ্টচাৰ্কিট অথবা গেছ চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

জানিব পৰা মতে, অগ্নিকাণ্ডৰ সময়ত দুই নাতিয়েকৰ সৈতে সবিলাল শৰ্মা নামৰ লোকজন ঘৰতে আছিল। আনহাতে পুত্ৰ পৰিয়ালৰ সৈতে কৰ্মসূত্ৰে কন্যাকুমাৰীত থাকে । এই অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি অনিষ্ট হোৱাৰ আশংকা স্থানীয় ৰাইজ তথা গৃহস্থৰ ৷

এই ঘটনাৰ পিচতে এতিয়া শোকত ভাঙি পৰিছে ঘৰৰ গৃহস্থগৰাকী ৷ নিজ বাসস্থান হেৰুৱাই দিক-বিদিক হেৰুৱাইছে ভুক্তভোগীগৰাকীয়ে ৷ 

লগতে পঢ়ক: Guwahati Double Murder: স্মাৰ্ট অসম আৰক্ষী ! পূৰ্ণাংগ অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবেই জামিন পালে ডাবল মাৰ্ডাৰকাণ্ডৰ অভিযুক্তই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.