নলবাৰীৰ লছিমাত অনুষ্ঠিত নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 12:15 PM IST

thumbnail

নলবাৰী, 21 নৱেম্বৰ : নলবাৰীৰ লছিমাত নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন সোমবাৰে অনুষ্ঠিত হয় ৷ লছিমা হাইস্কুল খেলপথাৰত অনুষ্ঠিত চূড়ান্ত মেচখন উদ্বোধন কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই ৷

লছিমা ইউনাইটেড ফুটবল ক্লাৱৰ উদ্যোগত অনুষ্ঠিত নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন অনুষ্ঠিত হয় মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা আৰু চামতা এ জে এলেভেন ক্লাৱৰ মাজত  ৷ নিৰ্ধাৰিত সময়লৈকে অমীমাংসিত হৈ ৰোৱা মেচখনত ট্ৰাইবেকাৰ সহায়ত সমাপ্তি ঘটোৱা হয় ৷ ট্ৰাইবেকাৰত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা বিজয়ী হয় ৷ 

ইফালে শীতৰ মাজতো মেচখন উপভোগ কৰিবলৈ ক্ৰীড়াপ্ৰেমীৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷  স্থানীয় ৰাইজৰ লগতে অংশগ্ৰহণ কৰা প্ৰতিটো দলকে ধন্যবাদ জ্ঞাপন কৰে আয়োজক কমিটিয়ে ৷ 

লগতে পঢ়ক:নলবাৰীৰ কাৱৈমাৰীত যাত্ৰীবাহী টেম্প’ আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ, চাৰিজন আহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.