নলবাৰীৰ কাৱৈমাৰীত যাত্ৰীবাহী টেম্প’ আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ, চাৰিজন আহত

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 5:29 PM IST

thumbnail

নলবাৰী, 20 নৱেম্বৰ : সোমবাৰে মুকালমুৱাৰ শনিৰোড কাৱৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত চাৰিজনকৈ লোক আহত হৈছে ৷ আহত লোক কেইজন শৈলেন তালুকদাৰ, নিৰু দাস, ৰুকিয়া খাতুন, ৰমেনা বেগম বুলি জানিব পৰা গৈছে ৷ আহত চাৰিজনক মুকালমুৱাৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ঘটনাৰ বিৱৰণ অনুসৰি, এখন তীব্ৰবেগী চাৰিচকীয়া বাহন আৰু নম্বৰবিহীন এখন যাত্ৰীবাহী টেম্প’ৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS-01-AX-5761 ৷ জানিব পৰা মতে, দুৰ্ঘটনাত চাৰিচকীয়া বাহনখনত থকা দুজন যাত্ৰী আহত হোৱাৰ লগতে টেম্প’খনত থকা দুগৰাকী যাত্ৰী আহত হয় ৷ ইফালে চাৰিচকীয়া বাহনখনৰ যাত্ৰীসকল গুৱাহাটীৰ বেলতলা ছাৰ্ভেৰ আৰু টেম্প’খনৰ দুই আহত যাত্ৰী কাৱৈমাৰীৰ বুলি জানিব পৰা গৈছে ৷  

লগতে পঢ়ক:ভূমি কেন্দ্ৰীক সংঘাত; কণিষ্ঠ ভাতৃৰ আক্ৰমণত আহত জ্যেষ্ঠ ভাতৃ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.