ভূমিকেন্দ্ৰিক সংঘাত; কনিষ্ঠ ভাতৃৰ আক্ৰমণত আহত জ্যেষ্ঠ ভাতৃ
Published: Nov 20, 2023, 7:00 AM
নলবাৰী, 20 নৱেম্বৰ : নলবাৰী জিলাৰ বৰ্ণিবাৰীত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়কৰ পৰিণতি ৷ দুই ভাতৃৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত । কনিষ্ঠ ভাতৃৰ পৰিয়ালৰ আক্ৰমণত আহত জ্যেষ্ঠ ভাতৃৰ পৰিয়াল । আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । অভিযোগ অনুসৰি, কনিষ্ঠ ভাতৃ দিলীপ দাসৰ পৰিয়ালৰ আক্ৰমণত আহত হয় জ্যেষ্ঠ ভাতৃ খগেন দাস (50) আৰু খগেন দাসৰ পত্নী শেৱালী দাস (45)। সম্প্ৰতি আহত দুয়োজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
বিবৰণি অনুসৰি, দুই ভাতৃ খগেন দাস আৰু দিলীপ দাসৰ মাজত পূৰ্বৰে পৰা ভূমি বিবাদ চলি আছিল । যাৰ ফলত দিলীপ দাসৰ পৰিয়ালৰ সদস্য পংকজ দাস, মন্দিৰা দাস, বৰষা দাস আৰু পম্পী দাসে দেওবাৰে খগেন দাস আৰু শেৱালী দাসক আক্ৰমণ কৰে । ফলত খগেন দাস আৰু শেৱালী দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ঘটনা সংক্ৰান্তত ভুক্তভোগী খগেন দাসৰ পৰিয়ালে আৰক্ষী প্ৰশাসনৰ সহায় বিচাৰিছে ৷
লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ