প্ৰাক্তন আলফা নেতা জিতু তালুকদাৰক আটক, চাৰিদিন ধৰি সোধাপোছা অব্যাহত

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:54 PM IST

thumbnail

নলবাৰী, ২৬ ডিচেম্বৰ : প্ৰায় 25 বছৰৰ পূৰ্বে আলফা ত্যাগ কৰা নলবাৰীৰ জিতু তালুকদাৰ ওৰফে জয়ন্ত তালুকদাৰ আছে আৰক্ষীৰ জিম্মাত ৷ 23 ডিচেম্বৰৰ মাজনিশা আৰক্ষীয়ে আটক কৰি লৈ গৈছিল প্ৰাক্তন আলফা নেতাগৰাকীক ৷

জিতু তালুকদাৰে সামাজিক মাধ্যমত দিয়া কোনো বিশেষ পোষ্টৰ পাচতে আৰক্ষীয়ে সন্দেহ কৰিছিল যে তেওঁ এতিয়াও আলফা(স্বা)ৰে সম্পৰ্ক ৰক্ষা কৰি আছে ৷ ফলত 23 ডিচেম্বৰৰ নিশা বৰভাগ কটালকুছিৰ নিজ বাসগৃহৰ আৰক্ষীয়ে আটক কৰে প্ৰাক্তন আলফা নেতাগৰাকীক ৷  

বৰ্তমানো প্ৰাক্তন আলফা নেতাগৰাকীক নলবাৰী সদৰ থানাত আৰক্ষীয়ে সোধাপোচা অব্যাহত ৰাখিছে । আনহাতে জিতু তালুকদাৰ বৰ্তমান কোনোধৰনে আলফাৰ সৈতে জড়িত নহয় বুলি জিতু তালুকদাৰৰ পত্নীয়ে দাবী কৰিছে ৷ ইফালে কোনটো পোষ্টৰ বাবে প্ৰাক্তন আলফা নেতাগৰাকীক আটক কৰা হ’ল সেই বিষয়ে আৰক্ষীয়ে পত্নীক জানিবলৈ দিয়া নাই ৷

লগতে পঢ়ক: অৰণ্যৰ পৰা নৰ্থ ব্লকলৈ: 12 বছৰীয়া প্ৰচেষ্টাৰে 44 বছৰীয়া পৰিক্ৰমাৰ অৰ্ধসমাপ্তি 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.