Mission Flood free Guwahati: 10 দিনৰ ভিতৰত উচ্ছেদ চলিব লক্ষ্মীযানত

By

Published : Jun 20, 2023, 4:38 PM IST

thumbnail

গুৱাহাটী, ২০ জুন: শীঘ্ৰেই বেদখল মুক্ত কৰা হ’ব বেলতলা হাতীগাঁৱৰ মাজৰে বৈ যোৱা লক্ষ্মীযান । কৃত্ৰিম বানমুক্ত কৰাৰ বাবে এই ব্যৱস্থা হাতত ল’ব চৰকাৰে। মঙলবাৰে গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘলে মহানগৰীত কৃত্ৰিম বানৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি এই কথা সদৰী কৰে ৷ 

যোৱা এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত দুৰ্ভোগ ভুগিছে মহানগৰীৰ বিভিন্ন ঠাইৰ সাধাৰণ জনতাই । গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘলে বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে মহানগৰীৰ বিভিন্ন ঠাইৰ লগতে বেলতলা হাতীগাঁৱৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। 'মিছন ফ্লাড ফ্ৰী গুৱাহাটী'ৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে। 

মন্ত্ৰীগৰাকীয়ে বেলতলা, হাতীগাঁও সংযোগী বশিষ্ঠপুৰ উপপথ ১, উপপথ ২ আৰু উপপথ ৩ ৰ মাজেৰে বৈ যোৱা লক্ষ্মীযান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ লগতো কথা পাতে। ৰাইজৰ অভাৱ অভিযোগৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, কি ব্যৱস্থা গ্ৰহণ কৰিলে সমস্যা সমাধান হ’ব সেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব । এই লক্ষ্মী যানটোৰে পানী যোৱা নাই। সেয়েহে এই যানটোৰ মাটি যিসকলে অধিগ্ৰহণ কৰি ৰাখিছে তেওঁলোকে সোনকালে ব্যৱস্থা লওক, নহলে 10 দিনৰ ভিতৰত উচ্ছেদ আৰম্ভ কৰা হ’ব । ভৰলুৰ ক্ষেত্ৰত চৰকাৰ সফল হৈছে , ইয়াতো আমি সফল হম বুলি মন্তব্য কৰে মন্ত্ৰী সিংঘলে ৷ 

লগতে পঢ়ক:  Flood effects Assam: অসমত আৰম্ভ বানৰ সংহাৰ; ৩০ হাজাৰৰো অধিক লোক প্ৰভাৱিত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.