ETV Bharat / state

Flood effects Assam: অসমত আৰম্ভ বানৰ সংহাৰ; ৩০ হাজাৰৰো অধিক লোক প্ৰভাৱিত

author img

By

Published : Jun 20, 2023, 1:35 PM IST

বানৰ কবলত পৰিছে অসমৰ কেইবাখনো জিলা । শেহতীয়া তথ্য অনুসৰি ৩০,০০০ ৰো অধিক লোক বানৰ কবলত পৰিছে । ১০ খন জিলাৰ পৰিস্থিতি গুৰুতৰ ।

Flood effects Assam
অসমত আৰম্ভ বানৰ সংহাৰ

গুৱাহাটী,২০ জুন : জটিল হৈ পৰিছে অসমৰ বান পৰিস্থিতি । শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনৰ ১০ খন জিলাত এতিয়ালৈ প্ৰায় ৩১ হাজাৰ লোক বানপানীৰ কবলত পৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে আৰু অহা ৫ দিনত অসমৰ কেইবাখনো জিলাত প্ৰচুৰ বৰষুণৰ আগজাননী দিছে । গুৱাহাটীৰ আইএমডিৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰৰ পৰা ২৪ ঘণ্টাৰ বাবে বিশেষ বতৰ বুলেটিনত ৰেড এলাৰ্ট জাৰি কৰিছে । আনহাতে মঙলবাৰ আৰু বুধবাৰৰ বাবে অৰেঞ্জ এলাৰ্ট আৰু বৃহস্পতিবাৰৰ বাবে ইয়েল্ল' এলাৰ্ট জাৰী কৰিছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বানপানীৰ প্ৰতিবেদন অনুসৰি চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, কোকৰাঝাৰ, লখিমপুৰ, নলবাৰী, শোণিতপুৰ আৰু ওদালগুৰি জিলাত বানপানীৰ ফলত ৩০,৭০০ ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে । লখিমপুৰ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷ যাৰ সংখ্যা ২২,০০০ ৰো অধিক। ইয়াৰ পাচত, ডিব্ৰুগড়ত ৩,৮০০ ৰো অধিক লোক আৰু কোকৰাঝাৰত প্ৰায় ১,৮০০ লোক ক্ষতিগ্ৰস্ত হৈছে ।

প্ৰশাসনে অসমৰ ৭ খন জিলাত ২৫ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে । বৰ্তমান ৰাজ্যখনৰ ৪৪৪ খন গাঁও বানপানীৰ কৱলত আছে আৰু সমগ্ৰ অসমত ৪,৭৪১.২৩ হেক্টৰ শস্য ভূমি ক্ষতিগ্ৰস্ত হৈছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে বিশ্বনাথ, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, কামৰূপ, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ আৰু ওদালগুৰিত বৃহৎ পৰিমাণৰ খহনীয়া দেখা গৈছে । ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাচাও, কামৰূপ মহানগৰ আৰু কৰিমগঞ্জত ভূমিস্খলনৰ কেইবাটাও ঘটনা সংঘটিত হৈছে ।

ইফালে শোণিতপুৰ, নগাঁও, নলবাৰী, বাক্সা, চিৰাং, দৰং, ধেমাজি, গোৱালপাৰা, গোলাঘাট, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, ডিব্ৰুগড়, কৰিমগঞ্জ আৰু ওদালগুৰিত বানপানীৰ ফলত মথাউৰি, ৰাস্তা, দলং আৰু অন্যান্য আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে । বানপানীৰ ফলত কাছাৰ, দৰং, যোৰহাট, কামৰূপ মহানগৰ, কোকৰাঝাৰ আৰু নলবাৰী জিলাৰ বহু অঞ্চল প্লাবিত হৈছে । প্ৰতিবেদন অনুসৰি কামপুৰত ব্ৰহ্মপুত্ৰৰ উপনদী কপিলী বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

লগতে পঢ়ক :Manik sarkar in Assam: আৰএছএছৰ নিৰ্দেশত পৰিচালিত হৈ আছে চৰকাৰ: মাণিক সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.