Durga Puja 2023: মা দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত ধেমাজিৰ মৃৎ শিল্পীসকল

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 12:51 PM IST

thumbnail

ধেমাজি, 14 অক্টোবৰ : পৃথিৱীৰ পৰা অপশক্তি নাশ কৰাৰ বাবে ধৰালৈ আগমন ঘটিল শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ ৷ দেৱী বন্দনাত মুখৰিত হৈছে এতিয়া চৌপাশ ৷ ইফালে বৈদিক নীতি-নিয়মৰ মাজেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব মা দুৰ্গাক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ ধেমাজিৰ মৃণ্ময় শিল্পীসকলেও মা দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে ৷

ইফালে ধেমাজিৰ সদৰৰ মূৰ্তি নিৰ্মাতা প্ৰতিষ্ঠান নটৰাজ শিল্পালয়ত দিনে নিশাই মা দুৰ্গাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে 10/12 গৰাকী মৃৎ শিল্পীয়ে ৷ এইবেলি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰতিষ্ঠানখনত প্ৰতিমাৰ বাবে বহু অৰ্ডাৰ আহিছে ৷ ইতিমধ্যে মুঠ 18 টা দুৰ্গা প্ৰতিমা সাজু হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী মন্টু পালে ৷

লগতে পঢ়ক : Mahalaya 2023 : মহালয়া উপলক্ষে জামুগুৰিহাটত পুৱাৰ পৰাই ভক্তৰ সমাগম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.