Durga puja 2023: প্ৰদূষণমুক্ত গুৱাহাটীৰ লক্ষ্য; গুৱাহাটীৰ বৰবাৰী শ্ৰী শ্ৰী দুৰ্গা চন্দিকা মন্দিৰত ১০৮ টা ঘটত পূজা অৰ্চনা

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:15 PM IST

thumbnail

গুৱাহাটী, ২২ অক্টোবৰ: ৰাজ্যজুৰি দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনা ৷ গুৱাহাটীৰ প্ৰায় প্ৰতিখন পূজা সমিতিয়ে ভক্ত-দৰ্শনাৰ্থীক আকৰ্ষিত কৰাৰ বাবে আকৰ্ষণীয় পূজা মণ্ডপ তথা মনোমোহা আলোক সজ্জা নিৰ্মাণ কৰি চমক সৃষ্টিৰ অঘোঘিত প্ৰতিযোগিতাত নামি পৰিছে ৷ 

ইয়াৰ বিপৰীতে, গুৱাহাটীৰ একাংশ পূজা সমিতিয়ে পূজাৰ জাকজমকতাৰ বিপৰীতে কেৱল আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ধৰ্মীয় ৰীতি নীতিৰ মাজৰে আৰম্ভ কৰিছে পূজা আৰাধনা। বিগত বৰ্ষ সমূহৰ দৰে এইবছৰো গুৱাহাটীৰ বৰবাৰী বিষ্ণু নগৰস্থিত দুৰ্গা চণ্ডিকা মন্দিৰ প্ৰাংগনত সম্পন্ন হ’ব পৰম্পৰাগত ঘট পূজা। 

দুৰ্গা চণ্ডিকা মন্দিৰৰ প্ৰতিষ্ঠাতা তথা মূল পুৰোহিত দিপেন্দ্ৰ নাথ শৰ্মাই জানিবলৈ দিয়া মতে ৰাইজৰ সহায় সহযোগত এই মন্দিৰ প্ৰাংগনত ২০০৭ চনৰ পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ঘট পূজা অনুষ্ঠিত কৰি আহিছে। এইখন পূজাত নাথাকে কোনো ধৰণৰ বাহ্যিকতা নতুবা আধুনিকতাৰ পৰশ। তাৰোপৰি পূজাৰ সময়চোৱাত প্ৰতিদিনে নাম প্ৰসংগ অনুষ্ঠিত কৰাৰ লগতে পূজাৰ শেষত ভক্তৰ বাবে ভোগ বিতৰণ কৰা হয়।

মন কৰিবলগীয়া কথা এই যে, বৰ বাৰীৰ দুৰ্গা চণ্ডিকা মন্দিৰ প্ৰাংগনত হোৱা এই দুৰ্গা পূজাত মূৰ্তি পূজাৰ বিপৰীতে বিশেষ কৈ ১০৮ টা ঘটত পূজা অৰ্চনা কৰাটো অন্য এক ব্যতিক্ৰমী দিশ। তাৰোপৰি নৱমীৰ দিনা ৯ গৰাকী কুমাৰীক লৈ কুমাৰী পূজা কৰা হয়।

লগতে পঢ়ক: Durga Puja 2023: টিংখাঙত পূজা মণ্ডপে মণ্ডপে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.