Drug Peddlers Arrested in Barpeta: হাউলীত দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক

By

Published : Jul 10, 2023, 4:27 PM IST

thumbnail

বৰপেটা, ১০ জুলাই: বৰপেটাত আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ দেওবাৰে নিশাও হাউলী আৰক্ষীয়ে অভিযান চলাই হাউলীৰ আমতলৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিছে ‍আফাজ আলী আৰু ৰমেশচন্দ্ৰ বিশ্বাস নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ আটকাধীন আফাজ আলীৰ ঘৰ হাউলীৰ চহৰৰ ১০ নং ৱাৰ্ডৰ আমবাৰীত আৰু ৰমেশচন্দ্ৰ বিশ্বাসৰ ঘৰ গৰেমাৰী পথাৰত বুলি জানিব পৰা গৈছে  ৷

উল্লেখ্য যে বৰপেটা আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত হাউলী আৰক্ষীয়ে অভিযান চলাইছিল হাউলীৰ আমতলত  ৷ আটকাধীন আফাজৰ ঘৰৰ পৰা ২৩ টা চাবোনৰ বাকচ ভৰ্তি ৯৩৯.৪৪ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে । ধৃত আফাজৰ বাসগৃহৰ পৰা প্ৰায় ৩ লাখ টকা নগদ ধনো জব্দ কৰে আৰক্ষীয়ে । ৰাইজৰ অভিযোগ অনুসৰি আফাজে দীৰ্ঘদিন ধৰি হাউলী অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চালাই গৈছিল ৷ আনহাতে ইয়াৰ পূৰ্বেও আৰক্ষীয়ে আফাজক ড্ৰাগছসহ আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল । তাৰ পাচতো আফাজে মুকলি আকাশৰ তললৈ আহি অব্যাহত ৰাখিছিল ড্ৰাগছৰ বেহা ৷

লগতে পঢ়ক:Drug Additcts Detained: কলগাছিয়াৰ বনগুঘিত আটক ড্ৰাগছ সেৱনকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.