Drug Additcts Detained: কলগাছিয়াৰ বনগুঘিত আটক ড্ৰাগছ সেৱনকাৰী

By

Published : Jul 9, 2023, 6:44 AM IST

thumbnail

কলগাছিয়া, 9 জুলাই: সমগ্ৰ ৰাজ্যতে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বনগুঘি গাঁৱত ড্ৰাগছ সেৱনকাৰী আটক আৰক্ষীৰ ৷ শনিবাৰে নিশা প্ৰায় 10 বজাত বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু বৰভিটা আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ সহযোগত আৰক্ষীৰ এটা দলে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিব যাওঁতে দুটা সেৱনকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

এক গোপন সূত্ৰৰ পম খেদি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বনগুঘি গাঁৱত আৰক্ষীয়ে অসামৰিক পোছাকত পূৰ্বৰে পৰা খাপপিটি থাকি দুটাকৈ ড্ৰাগছ সেৱনকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে ইয়াৰে জাবৰিমাৰি গাঁৱৰ ৰাজু নামৰ এটা সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে দুটাকৈ ড্ৰাগছৰ কন্টেইনাৰ আৰু এটা চিৰিঞ্জ জব্দ জব্দ কৰে ৷

আটকাধীন যুৱক দুজন ক্ৰমে চান্দমামা গাঁৱৰ মজিবৰৰ পুত্ৰ ছাদ্দাম আৰু আনজন বনগুঘি গাঁৱৰ হাফিজুৰ বুলি জানিব পৰা গৈছে ৷ আটকাধীন দুই যুৱকক কলগাছিয়া আৰক্ষীয়ে থানালৈ লৈ আহে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: Jonai Violence Update: গো-পালকক আক্ৰমণত জড়িত চাৰিজনক আটক আৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.