Robbery at Rangia: মগনীয়াক দিন ডকাইতি ড্ৰাগছ আসক্ত যুৱকৰ; খুটাত বান্ধি কিলালে ৰাইজে

By

Published : Jul 27, 2023, 10:19 AM IST

thumbnail

ৰঙিয়া, 27 জুলাই : ৰঙিয়াৰ উদিয়ানাত দিন ডকাইতি ৷ মগনীয়াৰ পৰা ধন লুট ড্ৰাগছ আসক্ত যুৱকৰ ৷ পথেৰে গৈ থকা মগনীয়াক আক্ৰমণ কৰি কাঢ়ি নিলে 900 টকা ৷ স্থানীয় ৰাইজে খেদি খেদি আটক কৰিলে ড্ৰাগছ আসক্ত যুৱকক ৷

একাংশ ৰাইজে উত্তম-মধ্যম শোধাই বিদ্যুতৰ খুটাত বান্ধি ৰাজহুৱা শাস্তি প্ৰদান কৰে দিন ডকাইত তথা ড্ৰাগছ আসক্ত যুৱকক ৷ ধৃত যুৱকজন ৰঙিয়াৰ উদিয়ানাৰ নাজু আহমেদ ওৰফে ভেবলা বুলি জানিব পৰা গৈছে ৷  

ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে এগৰাকী মগনীয়া খোজকাঢ়ি গৈ থকা অৱস্থাত ড্ৰাগছ আসক্ত যুৱকজনে মগনীয়াজনক লুট-পাত চলায় ৷ ইফালে ড্ৰাগছ আসক্ত যুৱকজনৰ পৰা উদ্ধাৰ হৈছে ড্ৰাগছৰ এটা কণ্টেইনাৰ আৰু গুটখাৰ পেকেট ৷ লগতে উদ্ধাৰ কৰা হয় লুট কৰি নিয়া 900 টকা ৷ 

এই ঘটনাৰ পিচতে শতাধিক ৰাইজ গোট খাই ঘটনাস্থলীত ৷ ৰাইজৰ অভিযোগ ৰঙিয়াৰ উদিয়ানাত সুলভ মূল্যত উপলব্ধ নিষিদ্ধ ড্ৰাগছ ৷ বৰ্তমানলৈকে ড্ৰাগছ সৰবৰাহকাৰী তথা ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰাত বিফল হৈছে আৰক্ষী ৷ অতি শীঘ্ৰেই ৰঙিয়াৰ উদিয়ানাৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ বাবে দাবী জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : World Hepatitis Day: অসমত ড্ৰাগছ সেৱনৰ ফলত বৃদ্ধি পাইছে হেপাটাইটিছ চি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.