ETV Bharat / state

World Hepatitis Day: অসমত ড্ৰাগছ সেৱনৰ ফলত বৃদ্ধি পাইছে হেপাটাইটিছ চি

author img

By

Published : Jul 26, 2023, 10:24 PM IST

নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনে গুৱাহাটীত সপ্তাহজোৰা হেপাটাইটিছ সজাগতা কাৰ্যসূচী আয়োজন ৷ বুধবাৰে দিছপুৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেল সম্বোধন গুৱাহাটীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বি ডি গোস্বামীৰ ৷ ‘অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে হেপাটাইটিছ চি আক্রান্ত ৰোগীৰ সংখ্যা ।’

World Hepatitis Day
অসমত ড্ৰাগছ সেৱনৰ ফলত বৃদ্ধি পাইছে হেপাটাইটিছ চি

গুৱাহাটী,২৬ জুলাই:নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনে গুৱাহাটীত সপ্তাহজোৰা হেপাটাইটিছ সজাগতা কাৰ্যসূচী আয়োজন কৰে ৷ ভাইৰেল হেপাটাইটিছৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ২৮ জুলাইত বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় । এই সন্দৰ্ভত বুধবাৰে দিছপুৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত সম্বোধন কৰে গুৱাহাটীৰ জ্যেষ্ঠ গেষ্ট্ৰোএণ্টেৰোলজিষ্ট আৰু হেপাটোলজিষ্ট ডাঃ বি ডি গোস্বামীয়ে ৷

World Hepatitis Day
অসমত ড্ৰাগছ সেৱনৰ ফলত বৃদ্ধি পাইছে হেপাটাইটিছ চি

জ্যেষ্ঠ চিকিৎসক ডাঃ গোস্বামীয়ে কয়, ‘এইবাৰ বিশ্ব হেপাটাইটিছ দিৱসত, বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সংগতি ৰাখি নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনে হেপাটাইটিছৰ যত্ন প্ৰাথমিক স্বাস্থ্য সুবিধা আৰু সম্প্ৰদায়ৰ ওচৰলৈ অনাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে ৷ তেওঁলোকৰ যি প্ৰকাৰৰ হেপাটাইটিছ নহওঁক কিয় যাতে মানুহে চিকিৎসা আৰু উন্নত যত্ন লাভ কৰে ।’

হেপাটাইটিছ হৈছে বিশ্বৰ এক স্বাস্থ্য সমস্যা য'ত প্ৰতি ৩০ ছেকেণ্ডত ভাইৰেল হেপাটাইটিছ সম্পৰ্কীয় ৰোগৰ ফলত কাৰোবাৰ মৃত্যু হয়। অৱশ্যে প্ৰতিটো হেপাটাইটিছ সম্পৰ্কীয় মৃত্যু সঠিক পৰীক্ষা আৰু চিকিৎসা সেৱাৰ জৰিয়তে প্ৰতিৰোধ কৰা যায় । সম্প্ৰতি ড্ৰাগছ সেৱনৰ ফলত বৃদ্ধি পাইছে হেপাটাইটিছ চিৰ প্ৰাদূৰ্ভাব । অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে হেপাটাইটিছ চি আক্রান্ত ৰোগীৰ সংখ্যা ।

বিশ্ব স্বাস্থ্য সংস্থাই ২০৩০ চনৰ ভিতৰত হেপাটাইটিছ নিৰ্মূল কৰাৰ লক্ষ্য ৰাখিছে। হেপাটাইটিছ বি হৈছে হেপাটাইটিছ বি ভাইৰাছৰ (HBV) ফলত হোৱা এক বিপদজনক লিভাৰৰ সংক্ৰমণ। এইটো এটা ডাঙৰ গোলকীয় স্বাস্থ্য সমস্যা । ই ক্ৰনিক সংক্ৰমণ সৃষ্টি কৰিব পাৰে আৰু চিৰোচিছ আৰু লিভাৰৰ কৰ্কটৰোগৰ ফলত লোকসকলৰ মৃত্যুৰ অধিক আশংকা থাকে । হেপাটাইটিছ চি ভাইৰাছ হৈছে এক তেজবাহিত ভাইৰাছ । ই তীব্ৰ আৰু ক্ৰনিক দুয়ো ধৰণৰ সংক্ৰমণ সৃষ্টি কৰে । হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি ভাইৰাছৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰতি বছৰে নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনে গেষ্ট্ৰোএণ্টেৰোলজী বিভাগ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ইণ্ডিয়ান চ'চাইটি অফ গেষ্ট্ৰোএণ্টেৰোলজী, নৰ্থ ইষ্ট চেপ্টাৰৰ সহযোগত ২৮ জুলাইত "বিশ্ব হেপাটাইটিছ দিৱস" পালন কৰে ।

লগতে পঢ়ক:Bullying: আপুনিও মানসিক হাৰাশাস্তিৰ বলি হৈছে নেকি ? জানক ইয়াৰ পৰা কেনেদৰে সন্মুখীন হোৱাটো উচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.