Anti tobacco campaign in Assam: মৰিগাঁৱত ধঁপাত বিৰোধী অভিযানত জিলা আয়ুক্ত

By

Published : Aug 19, 2023, 5:13 PM IST

thumbnail

ধিং, ১৯ আগষ্ট:মৰিগাঁও জিলা প্ৰশাসন,আৰক্ষী বিভাগ আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে শনিবাৰে ধঁপাত বিক্ৰেতাৰ বিৰুদ্ধে অভিযান চলায় । জিলাখনৰ শিক্ষানুষ্ঠানৰ ১০০ মিটাৰৰ ভিতৰত ধঁপাত সামগ্ৰী বিক্ৰেতাৰ বিৰুদ্ধে চলায় এই অভিযান । জিলা প্ৰশাসনৰ দণ্ডাধীশ, আৰক্ষী বিষয়া আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিষয়াসকলে মৰিগাঁও জিলাৰ বিভিন্ন স্থানত এই অভিযান চলাই বিভিন্ন ধৰণৰ ধঁপাত জাতীয় সামগ্ৰী জব্দ কৰে ।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ধঁপাত বিক্ৰী কৰা দোকানলৈ গৈ ইয়াৰ বিক্ৰীত বাধা দিয়াৰ লগতে সকীয়নি দিয়ে । ইপিনে,জব্ধ হোৱা ধঁপাত জাতীয় কিছু সামগ্ৰী জ্বলাই দিয়া হয় । উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত থকা স্কুল কলেজৰ সন্মুখত দীৰ্ঘদিন ধৰি দোকানী সকলে এনে ধপাঁত জাতীয় সামগ্ৰী বিক্ৰী কৰাৰ বিৰুদ্ধে জিলা প্ৰশাসন আৰু ধপাঁত নিয়ন্ত্ৰণ কোষে সতৰ্ক কৰি আহিছিল যদিও দোকানী সকলে এই নিৰ্দেশ অমান্য কৰি ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰি আহিছিল । আজি পুৱাৰে পৰাই এনে অভিযান আৰম্ভ কৰি কেইবাখনো দোকানতএনে ধঁপাত জব্দ কৰি পুৰি পেলোৱা হয় ।

লগতে পঢ়ক:Rajen Gohain upset : 2 ঘণ্টা অপেক্ষা কৰাৰ পিচতো মুখ্যমন্ত্ৰীয়ে লগ নকৰাৰ অভিযোগ ৰাজেন গোঁহাইৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.