বৰমাত ৭৩০ গৰাকী প্ৰতিভাবানক প্ৰদান ড৹ বাণীকান্ত কাকতি বঁটা

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 4:50 PM IST

thumbnail

বাক্সা, ৩০ নৱেম্বৰ : বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ত বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড৹ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত বাক্সা জিলাৰ ৭৩০ গৰাকী প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হয় ।

২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগপ্ৰাপ্ত ছাত্ৰীক স্কুটী প্ৰদান কৰা হয় । আজিৰ ড৹ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো মুখ্য অতিথি হিচাবে উপস্থিত থাকে ।

ইয়াৰ লগতে বাক্সা জিলাৰ উপায়ুক্ত মাচান্দা পাৰ্টিন, উপ-আয়ুক্ত অৰুন কুমাৰ ব্ৰহ্ম, এম চি এল এ মন্টু বড়ো, বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামচিয়াৰী, বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৰেশ্বৰ নাৰ্জাৰী, সমাজকৰ্মী মঃ হুচেইন আলীৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে ।

লগতে পঢ়ক : পৰিশ্ৰমৰ বঁটা লাভ কৰি উৎফুল্লিত শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.